ডিমা হাছাও , 27 ডিচেম্বৰ :ডিমা হাছাও জিলাৰ হাৰেংগাজাওৰ বাসিন্দা সন্তোষ হোজাইৰ হত্য়াকাণ্ডৰ তদন্তত প্ৰতিদিনে নতুন নতুন তথ্য় লাভ কৰিছে চিআইডিয়ে । পুনৰ অনুসন্ধানকাৰী দলটোৰ জালত পৰিল আন দুগৰাকী আৰক্ষী । ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগত শনিবাৰে অসম আৰক্ষীৰ দুই জোৱানক গ্ৰেপ্তাৰ কৰে চিআইডিয়ে । অসম আৰক্ষী বেটেলিয়ানৰ জোৱান ক্ৰমে লালকুলিয়াং হাওলাই আৰু প্ৰজিৎ ৰাজবংশীক গ্ৰেপ্তাৰ কৰে চিআইডি-ৰ দলটোৱে ।
অসম আৰক্ষীৰ দুই কনিষ্টবল ক্ৰমে বিপুল লস্কৰ আৰু শঙ্কৰ বণিয়াক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল চিআইডিয়ে । সন্তোষ হোজাইৰ হত্য়াৰ অভিযোগত ৪ গৰাকী অসম আৰক্ষীৰ জোৱানক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে এতিয়া তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ শীৰ্ষ মহলত । অৱশ্য়ে চিআইডিৰ এটা সূত্ৰই দাবী কৰা মতে শীঘ্ৰেই সন্তোষ হোজাই হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত তেওঁলোকৰ জালত পৰিব ।