অসম

assam

ETV Bharat / state

মাটিৰ চেপত পৰি হাফলঙত শ্ৰমিকৰ মৃত্যু - আৰক্ষীয়ে শ্ৰমিক দুগৰাকীক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

ঘৰ নিৰ্মান কৰি থকা অৱস্থাত মংগলবাৰে হাফলঙত দুৰ্ঘটনাত পতিত হয় দুগৰাকী শ্ৰমিক ৷ লগে-লগে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় এগৰাকী শ্ৰমিকৰ ৷ আনহাতে, মৃত্যুৰ সৈতে যুঁজি আছে আন এগৰাকী শ্ৰমিকে ৷

Two labourers accident in a construction site at Haflong
মাটিৰ চেপত পৰি হাফলংত শ্ৰমিকৰ মৃত্যু

By

Published : May 12, 2020, 10:19 PM IST

ডিমা হাছাও, 12 মে' : লক্ ডাউনৰ মাজতে মংগলবাৰে হাফলংত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘৰ নিৰ্মাণৰ বাবে মাটি কটাৰ কামত ব্যস্ত থকাৰ সময়তে মাটি খহি চেপত পৰি আহত হয় দুগৰাকী শ্ৰমিক ৷ লগে লগে স্থানীয় ৰাইজে মাটি খান্দি দুয়োগৰাকী শ্ৰমিকক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়াত ততালিকে আৰক্ষীয়ে শ্ৰমিক দুগৰাকীক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

মাটিৰ চেপত পৰি হাফলংত শ্ৰমিকৰ মৃত্যু

ইপিনে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত সঞ্জয় ভূমিজ নামৰ শ্ৰমিক গৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

মাটিৰ চেপত পৰি হাফলংত শ্ৰমিকৰ মৃত্যু

আনহাতে ৰাজু তাঁতী নামৰ আন এগৰাকী শ্ৰমিক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক :ছয়গাঁৱত কিশোৰী ধৰ্ষণকাৰীক জেল হাজোতলৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details