ডিমা হাছাও, 5 ছেপ্তেম্বৰঃ প্ৰভাত ডিব্ৰুগেদ হত্যাকাণ্ডৰ সৈতে জড়িত দুই দুৰ্বৃত্ত পৰিল আৰক্ষীৰ জালত ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিলে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে ৷ আৰক্ষীৰ জেৰাত দুই দুৰ্বৃত্তই প্ৰভাতক অপহৰণৰ পাছত হত্য়াৰ কথা স্বীকাৰ কৰিছে যদিও মৃতদেহটো ক’ত ৰখা হৈছে এই সন্দৰ্ভত অবগত কৰা নাই আৰক্ষীক ৷ আনহাতে, অপহৰণকাণ্ডটোৰ সৈতে জড়িত মূল অভিযুক্তজন সম্প্ৰতি কৰ’ণাত আক্ৰান্ত হৈ হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জনালে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
প্ৰভাত ডিব্ৰুগেদ হত্যাকাণ্ডৰ লগত জড়িত দুই দুৰ্বৃত্ত পৰিল জালত - প্ৰভাত ডিব্ৰুগেদেৰ অপহৰণৰ কাণ্ড
শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰভাত ডিব্ৰুগেদ হত্যাকাণ্ডৰ লগত জড়িত দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিলে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে ৷
প্ৰভাত ডিব্ৰুগেদ হত্যাকাণ্ডৰ দুই দুৰ্বৃত্ত আৰক্ষীৰ জালত
উল্লেখ্য যে, বিগত 21 আগষ্টত কালাচান্দ চান্দপুৰ নগৰৰ বাসিন্দা প্ৰভাত ডিব্ৰুগেদক চাৰি দুৰ্বৃত্তৰ দলে অপহৰণ কৰি হত্যা কৰিছিল ৷