অসম

assam

ETV Bharat / state

ডিমা হাছাওত 12 খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ - মাইবং আৰক্ষী থানা

ডিমা হাছাও জিলাত বৃহস্পতিবাৰ নিশা সদৌ ডিমাচা ছাত্ৰ সন্থাই 12 খন বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে । ম্যানমাৰৰ পৰা মিজোৰাম হৈ বৰাক উপত্যকাৰে আহি ডিমা হাছাও জিলাৰ মাজেদি প্ৰতিদিনতে শতাধিক ট্ৰাক বাৰমিজ চুপাৰি বহিঃৰাজ্যত পঠোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

truck-seized-in-dimahasao
ডিমা হাছাওত 12 খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

By

Published : Dec 4, 2020, 5:18 PM IST

ডিমা হাছাও, 4 ডিচেম্বৰ: ডিমা হাছাও জিলাত বৃহস্পতিবাৰ নিশা সদৌ ডিমাচা ছাত্ৰ সন্থাই 12 খন বাৰমিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে । ম্যানমাৰৰ পৰা মিজোৰাম হৈ বৰাক উপত্যকাৰে আহি ডিমা হাছাও জিলাৰ মাজেদি প্ৰতিদিনতে শতাধিক ট্ৰাক বাৰমিজ চুপাৰি বহিঃৰাজ্যত পঠোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

অভিযোগ অনুসৰি, বৰাক উপত্যকাৰ এজন বিজেপি নেতা এই বাৰমিজ চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আছে । বৃহস্পতিবাৰে নিশা সদৌ ডিমাচা ছাত্ৰ সন্থাই এই 12 খন ট্ৰাক আটক কৰাৰ পাচতে ডিমা হাছাও আৰক্ষীয়ে মাইবাঙত উপস্থিত হৈ ট্ৰাক কেইখন এৰি দিয়াৰ বাবে ছাত্ৰ সন্থাক ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে সদৌ ডিমাচা ছাত্ৰ সন্থাই ঘটনা সন্দৰ্বত মাইবং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমান জব্দ কৰা বাৰ্মিজ চুপাৰীৰ ট্ৰাক কেইখন মাইবং আৰক্ষী থানাত ৰাখি থোৱা হৈছে ৷

লগতে পঢ়ক: প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৃষক নেতা দীপনজ্যোতি ফুকনক

ABOUT THE AUTHOR

...view details