অসম

assam

ETV Bharat / state

School amalgamation: ডিমা হাছাওৰ 41 খন নিম্ন প্ৰথমিক বিদ্যালয়ক একত্ৰীকৰণৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ - নিম্ন প্ৰাথমিক বিদ্যালয়

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে সৰৱ ডিমা হাচাও জিলা তৃণমূল কংগ্ৰেছ ৷ বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্তৰ জনবিৰোধী আখ্যা ৷ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ৷

School amalgamation
School amalgamation

By

Published : Aug 19, 2023, 7:33 PM IST

ডিমা হাছাওৰ 41 খন নিম্ন প্ৰথমিক বিদ্যালয়ক একত্ৰীকৰণৰ বিৰোধিতা TMCৰ

হাফলং, 19 আগষ্ট:অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ হাৰেংগাজাও ব্লকৰ অধীনত থকা 41 খন নিম্ন প্ৰাথমিক বিদ্যালয়ত একত্ৰীকৰণৰ সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ । ডিমা হাছাও জিলাৰ 41খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণ সন্দৰ্ভত শনিবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিয়ে ।

সংবাদমেলত অচিং জেমিয়ে বিজেপিৰ জনবিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰি প্ৰশ্ন কৰে, ‘‘বিজেপি দলে ডিমা হাছাও জিলাক আগুৱাই লৈ যাব বিচাৰিছে নে পাহাৰীয়া জিলাখনক পিছুৱাই নিয়াৰ চেষ্টা চলাইছে ৷ ডিমা হাছাও জিলাৰ ৰাইজে বিজেপিৰ নেতাসকলক ভোটত জয়ী কৰিছে ৷ কিন্তু এনে জনবিৰোধী নীতি গ্ৰহণ কৰাৰ বাবে অহা নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷’’

তেওঁ সংবাদমেলত আৰু কয় যে ডিমা হাছাও হৈছে ষষ্ঠ অনুসূচীৰ অধীনৰ এখন পাহাৰীয়া জিলা ৷ জিলাখনত ছয়-সাতটা পৰিয়ালক লৈ এখন গাঁও গঠন হৈছে আৰু এই প্ৰতিখন গাঁৱৰ বাবে এখন বিদ্যালয় দিয়া হৈছে ৷ কিন্তু এতিয়া 41 খন বিদ্যালয় বন্ধ কৰি ইয়াৰ 1 কিলোমিটাৰৰ নিলগত থকা অন্য বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা হ’ব এই নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ ৷

আচিং জেমিৰ অভিযোগ যে চৰকাৰী বিদ্যালয়সমূহক শেষ কৰি পাহাৰীয়া জিলাখনত বেচৰকাৰী বিদ্যালয়সমূহক কোটি কোটি টকাৰ সাহায্য আগবঢ়োৱা হৈছে ৷ তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যসকলে নিজে নিজে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি চলাই আছে আৰু এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলোৱাৰ বাবে চৰকাৰী বিদ্যালয়সমূহক শেষ কৰি দিয়া হৈছে ৷

পাহাৰ আৰু ভৈয়ামৰ নিয়ম বেলেগ বেলেগ বুলি উল্লেখ কৰি চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰত্যুত্তৰ ৰাইজে অহা নিৰ্বাচনত দিব বুলিও সংবাদমেলত তেওঁ কয় ৷

লগতে পঢ়ক:Debabrata Saikia: বিশ্বগুৰু নহয়, প্ৰকৃততে প্ৰধানমন্ত্ৰী মোদী দুৰ্নীতিৰ গুৰু; দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details