হাফলং 28 ছেপ্টেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে অসম তৃণমূল কংগ্ৰেছে ৷ বুধবাৰে ডিমা হাছাও জিলাৰ হাফলং চহৰত জিলা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ উদ্বোধন কৰি এখন সংবাদমেল সম্বোধন কৰে তৃণমূল কংগ্ৰেছৰ নেতা তড়িৎ চট্টোপাধ্যায়ে ৷
সংবাদমেলত তেওঁ কয় যে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে ডিমা হাছাও তৃণমূল কংগ্ৰেছ । তেওঁ জনায় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পৰিষদৰ 28টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী দিব ।
ইতিমধ্যে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ কলকাতাত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ লগতে এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়টো লৈ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰে ।
সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা তড়িৎ চট্টোপাধ্যায়ে উল্লেখ কৰে যে স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত যুজঁ দিবলৈ সম্পূৰ্ণ প্ৰস্তুত তৃণমূল কংগ্ৰেছ ৷ তেওঁ দাবী কৰে যে অহা নিৰ্বাচনত ডিমা হাছাও জিলাত তৃণমূল কংগ্ৰেছ দুটা সংখ্যাত জয়লাভ কৰিব ৷