অসম

assam

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 9:11 PM IST

ETV Bharat / state

Triennial Session of Assam Gorkha Sammelan: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ 28 টা সমষ্টিত বিজেপি দল জয়ী হ’ব; পীযুষ হাজৰীকা

অসম গোর্খা সন্মিলনৰ ডিমা হাছাও জিলা কমিটিৰ তৃতীয় বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ গোর্খা জনগোষ্ঠী বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ অভিন্ন অংগ বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ । ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ 28 টা সমষ্টিত বিজেপি দলে জয়ী হোৱাৰ কথা ব্যক্ত মন্ত্ৰীগৰাকীৰ ।

Triennial Session of Assam Gorkha Sammelan
অসম গোর্খা সন্মিলনৰ তৃতীয় বাৰ্ষিক সন্মিলনত মন্ত্ৰী পীযুষ হাজৰীকা

অসম গোর্খা সন্মিলনৰ তৃতীয় বাৰ্ষিক সন্মিলনত মন্ত্ৰী পীযুষ হাজৰীকা

হাফলং 4 ছেপ্টেম্বৰ: অসম গোর্খা সন্মিলনৰ তৃতীয় বাৰ্ষিক সন্মিলনৰ দ্বিতীয় তথা অন্তিম দিন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা । অসম গোর্খা সন্মিলনৰ ডিমা হাছাও জিলা কমিটিৰ সন্মিলনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, সুকীয়া সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰা সমৃদ্ধ জনগোষ্ঠী হৈছে গোর্খা জনগোষ্ঠী ৷ অসমৰ মুঠ জনসংখ্যাৰ দুই শতাংশ হৈছে গোর্খা জনগোষ্ঠী লোক । এই লোকসকলে দীৰ্ঘদিনৰ পৰা অসমীয়া সমাজৰ লগতে মিলি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি আহিছে ৷

তেওঁ সাংবাদিকৰ আগতে কয়, অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত গোর্খাসকল নাথাকিব সেয়া কোনোপধ্যেই মানি লোৱা নহ’ব ৷ গোর্খা জনগোষ্ঠীৰ যথেষ্ঠ সমস্যা আছিল কিন্তু যোৱা দুই বছৰত আমি গোর্খা সকলৰ সমস্যা দূৰ কৰিছোঁ । মাটি-বাৰীৰ সমস্যাৰ পৰা আৰম্ভ কৰি কাষ্ট চাৰ্টিফিকেট সমস্যা দূৰ কৰা হৈছে ৷ ইয়াৰ উপৰি ট্ৰাইবেল এলেকাসমূহত গোর্খাসকলক সুৰক্ষিত কৰা হৈছে ৷

ইপিনে সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি কি ধৰণৰ ফলাফল কৰিবলৈ সক্ষম হ’ব সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা 28 টা সমষ্টিত বিজেপি দলে জয়ী হ’ব বুলি উল্লেখ কৰে । তেওঁ কয়, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ বাবে কিমান কাম কৰিছে, সেয়া সকলোৱেই জানে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁৱৰ মানুহৰ কাৰণে আৰু দুখীয়া মানুহৰ কাৰণে যেনেদৰে কাম কৰিছে সেয়া সকলো দেশবাসীয়ে জানে ৷ যাৰবাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে স্বায়ত্ত শাসিত পৰিষদৰ 28 টা সমষ্টিত জয়ী হ’ব বুলি দাবী কৰে ৷

হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী হাজৰীকাৰ লগতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, কাৰ্যবাহী সদস্য চেমুৱেল চাংছন, পৰিষদৰ সদস্য ঈশ্বৰী প্ৰসাদ জোশীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Karnataka Model in Assam: কৰ্ণাটক চৰকাৰৰ আৰ্হিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ আহ্বান ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details