অসম

assam

By

Published : Jun 14, 2023, 2:57 PM IST

ETV Bharat / state

Assam Landslide news:প্ৰচণ্ড বৰষুণৰ ফলত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

শিলচৰ হাফলং সংযোগী ইষ্টৱেষ্ট কৰিডৰ অৰ্থাৎ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হোৱাৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ আছে ৷

Assam Landslide news
ভূমিস্খলন

ভূমিস্খলন

হাফলং, 14 জুন : 2022 চনৰ পুনুৰাবৃত্তি হ’ব নেকি আকৌ এই আশংকাৰ সৃষ্টি হৈছে ডিমা হাছাও জিলাত । মংগলবাৰৰ নিশাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বন্ধ হৈ পৰিছে শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ অৰ্থাৎ শিলচৰ-হাফলং সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । প্ৰচণ্ড বৰষুণৰ ফলতে শিলচৰ হাফলং 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাফলং-হাৰেংগাজাৱৰ মধ্যৱৰ্তী ৰেখোত ভূমিস্খলন হোৱাৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ।

বুধবাৰ ৰাতিপুৱা এই এলেকাত ভূমিস্খলন হয় যাৰ বাবে এই ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল বন্ধ হৈ পৰে । ইপিনে ভূমিস্খলনৰ পিচতে এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো সুচল কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে ।

2022 চনত প্ৰচণ্ড বৰষুণৰ বাবে ডিমা হাছাও জিলা ব্যাপক প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । পাহাৰীয়া জিলাখনৰ তেতিয়া ৰাজ্যৰ অন্যান্য অংশৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছিল । ভূমিস্খলনৰ ফলতে মৃত্যু হৈছিল তিনি গৰাকী লোকৰ ।

অন্যহাতে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই 11 জুনতে বতৰৰ আগজাননি দি সতৰ্ক কৰি দিছিল যে অহা 10 দিন ডিমা হাছাও জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । এই বৰষুণৰ ফলত প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়াৰ সম্ভাৱনা আছে । ইয়াৰ পিচতেই ডিমা হাছাও জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে ডিমা হাছাও জিলাত ৰেড এলাৰ্ট জাৰি কৰি স্পৰ্শকাতৰ আৰু ভূমিস্খলন এলাকা সমূহলৈ যোৱাত বাধা আৰোপ কৰিছে । বৰষুণৰ সময়ত যাতে কোনেও বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযায় সেই অনুৰোধ জিলা প্ৰশাসনৰ ।

ইয়াৰ বিপৰীতে পাহাৰীয়া জিলাখনত যদি প্ৰাকৃতিক বিপৰ্যয় সদৃশ পৰিৱেশ সৃষ্টি হয় তেনেহলে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কাৰণে সংশ্লিষ্ট সকলো চৰকাৰী বিভাগক সতৰ্ক থকাৰ নিৰ্দেশ দিয়া হৈছে । ডিমা হাছাও জিলাৰ হাফলং মাহুৰ হাৰেংগাজাও আৰু ভূমিস্খলনৰ এলাকা সমূহৰ সকলো বিদ্যালয় পাঁচ দিনৰ বাবে বন্ধ ঘোষণা কৰে জিলাৰ শিক্ষা বিভাগে । ইয়াৰ উপৰি গুৱাহাটীৰ পৰা অহা এনডিআৰএফ বাহিনীক হাই এলাৰ্টত ৰখা হৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটৰ উপকূলৱৰ্তী ১০ কিলোমিটাৰলৈকে খালী কৰাৰ লক্ষ্য প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details