প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান
সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে "আপ"ত যোগদান কৰে নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য ব্ৰজেন কুমাৰ সন্দিকৈ আৰু এ আই ইউ ডি এফৰ মুখপাত্ৰ ৰেজাউল হাছানে ৷
ডিমা হাছাওত আৱদ্ধ ৰে’ল যাত্ৰীক হেলিকপ্টাৰেৰে উদ্ধাৰ
নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত ৰাজ্যৰ বহুকেইটা অঞ্চল । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও । ব্যাপক ভূমিস্খলনৰ ফলত ৰে'লসেৱা বন্ধ হোৱাৰ পাছত বৰ্তমান ২৭ নং ৰাষ্ট্রীয় ঘাইপথৰেও যাতায়ত স্তব্ধ হৈ পৰিছে ।
বিবাহ থলীত তেজৰ ডোঙা; লুডু খেলৰ কাজিয়াত প্ৰাণ হেৰুৱালে এজনে
সামান্য কথাৰ কটাকটিতে প্ৰাণ হেৰুৱালে লখিমপুৰৰ এগৰাকী যুৱকে ৷ এখন লুডু খেলক কেন্দ্ৰ কৰি হোৱা বাদানুবাদ পৰৱৰ্তী সময়ত পৰিৱৰ্তিত হয় ভয়ংকৰ কাজিয়াত ৷ এই কাজিয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে আফজত আলী নামৰ যুৱকজনে চোকা ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে ইচাদ আলী নামৰ যুৱকজনক ৷ এখন বিবাহথলীত সংঘটিত হয় এই ঘটনা ৷
প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা
বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ দলসিঙেৰ আলগাত ৷ প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী কৰা হ’ল নাবালিকাগৰাকীক ৷ আৰক্ষীক গোচৰ দিয়াৰ পিছতো ন্যায় লাভ নকৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷
নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান
বিগত তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে শিৱসাগৰৰ জনজীৱন । হাট-বজাৰ মন্দা চলাৰ লগতে যাতায়ত আৰু পৰিবহন স্তিমিত হৈ পৰিছে । নলা-নৰ্দমাৰ বহন ক্ষমতাৰ বিপৰীতে অত্যাধিক বৰষুণ হোৱাত নগৰৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানে দেখা দিছ ।