অসম

assam

ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Dec 26, 2022, 8:59 AM IST

Basistha Temple Guwahati : মন্দিৰৰ প্ৰাংগণত চলা যুৱতীৰ সুৰাৰ আড্ডাত সচেতন লোকৰ অভিযান

মদৰ আড্ডাস্থলীলৈ পৰিণত হৈছে ঐতিহাসিক বশিষ্ঠ মন্দিৰৰ প্ৰাংগণ (Basistha Temple Guwahati)৷ দেওবাৰে এদল যুৱতীয়ে সুৰাপান কৰি থকা অৱস্থাতে স্থানীয় সচেতন লোকে চলালে অভিযান ৷

Ishan Uday Scam: ঈশান উদয় বৃত্তি কেলেংকাৰী: বৰপেটাত আকৌ জালত পৰিল মহাবিদ্যালয়ৰ অধ্যক্ষ

ৰাজ্যত ঈশান উদয় বৃত্তি কেলেংকাৰীৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে জালত পৰিছে এজনৰ পিছত আন এজন লোক ৷ সাৰি যোৱা নাই একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষও ৷ বৰপেটাত দুটা দিনত দুগৰাকীকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিছে আৰক্ষীৰ জালত ৷

CAG Report on NRC : কেগৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই NRC ৰ বিয়াগোম দুৰ্নীতিৰ তথ্য

কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে বিয়াগোম দুৰ্নীতিৰ তথ্য ৷ NSK ৰ অপাৰেটৰক কম মজুৰি দি ছিষ্টেম ইন্টিগ্ৰেটৰ উইপ্ৰো লিমিটেডে সৰকালে ১৫৫.৮৩ কোটি টকা । তৃতীয় নিৰীক্ষণ পৰামৰ্শদাতাক জড়িত কৰি অনুমোদন অবিহনে ১০.২০ কোটি টকা ব্যয় । ন্যূনতম মজুৰি আইন উলংঘা কৰি ৬৭.১৪ কোটি টকা লাভৰ পৰা বঞ্চিত কৰিলে আউটছৰ্চ কৰ্মচাৰীক । প্ৰকল্প ব্যৱস্থাপনা কার্যকলাপত ১.৭৮ কোটি টকা অতিৰিক্ত খৰচ । ২০ হাজাৰ টকীয়া জেনেৰেটৰ ক্ৰয় ৯৩,৯৬৪.৬৪ টকাত । ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ নামত অস্থায়ী আত্মসাৎ ১.২০ কোটি টকা । অপৰিকল্পিত আৰু জধে-মধে ৬১.৪৩ কোটি টকা ব্যয় ।

Illegal Liquor in Nalbari: নলবাৰীৰ আৰিকুছিত ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষীক

নলবাৰীৰ আৰিকুছি চ’কত আৱদ্ধ কমাৰকুছি আৰক্ষী । মদ ব্যৱসায়ীক আটক কৰিবলৈ অহাৰ সময়তে ৰাইজে আৱদ্ধ কৰিলে কমাৰকুছি আৰক্ষীক । কমল বৈশ্য নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিবলৈ আহিছিল কমাৰকুছি আৰক্ষী । আনহাতে দীৰ্ঘদিন ধৰি কমাৰকুছি আৰক্ষীয়ে অবৈধ মদৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ৷

Cattle smuggling not ended: ধুবুৰীত সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰিলে 11 টা গৰু

ধুবুৰীত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ একেদিনাই দুটাকৈ অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে বহিঃৰাজ্য তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ চালান দিবলৈ অনা 11 টাকৈ গৰু ৷ আৰক্ষীৰ অভিযানৰ উমান পাই গৰু এৰি পলাই পত্ৰং দিলে সৰবৰাহকাৰীয়ে ৷

Jogen Mohan visits Jorhat fire site: যোৰহাট অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

দেওবাৰে যোৰহাটৰ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ ৷ যিসমূহ কাৰণৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছিল সেয়া পৰ্যবেক্ষণৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । আনহাতে যিসমূহ আৱাস গৃহ গৰাকীয়ে নীতি-নিয়ম জলাঞ্জলি দি নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী মহনে ৷

Wild elephant attack at Raha : বনভোজ খাবলৈ গৈ বন্যহস্তীৰ গচকত মৃত্যু যুৱকৰ

ৰহাৰ আমচৈত অঘটন ৷ বনভোজ খাবলৈ গৈ বন্যহস্তীৰ গচকত মৃত্যু হয় এজন যুৱকৰ ৷ নিহত যুৱকজনৰ নাম নিপুল বৰদলৈ বুলি জানিব পৰা গৈছে ৷ নিহত নিপুলৰ ঘৰ নামগাঁৱত ৷

Tingkhong Trade fair: সোমবাৰৰ পৰা টিংখাঙত বিক্ৰী আৰু বাণিজ্যমেলা

টিংখাঙত কাইলৈৰ পৰা অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব বিক্ৰী আৰু প্ৰদৰ্শনী মেলা ৷ দেওবাৰে মেলাৰ প্ৰস্তুতিৰ বুজ ললে মন্ত্ৰী বিমল বড়াই ৷ 30 ডিচেম্বৰলৈ চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব এই মেলা ৷

Anti Drugs Mission in Nagaon: কেৰালালৈ সৰবৰাহৰ সময়তে জব্দ ২০ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ

নগাঁৱত ন-উদ্যমেৰে আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ শনিবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই 20 লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছখিনিৰ লগতে আটক কৰে তিনি সৰবৰাহকাৰীক৷

Husband gave triple talaq in Aligarh: পত্নীৰ ৰং ক’লা বাবেই স্বামীয়ে দিলে তিনি তালাক

উত্তৰ প্ৰদেশত পত্নীৰ ক’লা ৰঙৰ বাবেই স্বামীয়ে দিলে তিনি তালাক ৷ বিয়াৰ প্ৰথম নিশাই পত্নীৰ ক’লা ৰং দেখি অসন্তুষ্ট হৈছিল স্বামী ৷ বিয়াৰ ৩ বছৰৰ পিছত স্বামীয়ে তিনি তালাক দিয়ে পত্নীক ৷ স্বামী শৰাই ৰমনৰ বিৰুদ্ধে বান্নাদেৱী থানাত গোচৰ ৰুজু কৰিছে পত্নীয়ে ৷

ABOUT THE AUTHOR

...view details