পুনৰ বিতৰ্কত নিযুক্তি প্ৰক্ৰিয়া ৷ এইবাৰ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ জন প্ৰাৰ্থীক তলব CIDৰ (100 selected candidates summoned by CID) ৷
ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ এজন ঘোচখোৰ পৰিদৰ্শকক (Railway officer arrested while taking bribe ) ৷
ৰাজ্যত অব্যাহত জেহাদী বিৰুদ্ধে আৰক্ষীৰ অভিযান । বৰপেটা, মৰিগাঁৱৰ পিছত এইবাৰ নলবাৰীত আটক দুই সন্দেহযুক্ত জেহাদী । দুই জেহাদী ক্ৰমে আবু ৰায়হান আৰু হাবেল আলী বুলি জানিব পৰা গৈছে ৷
সমাপ্ত হ'ল AICC সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (AICC President Election 2022)। দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ গুৱাহাটীৰ ৰাজীৱ ভৱনতো সোমবাৰে বিয়লি ৪ বজাত সমাপ্ত হয় নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
হোজাই জিলা লংকাত বিষাক্ত কাঠফুলা খাই চিকিৎসাধীন পুৰুষ-মহিলাসহ 7 গৰাকীকৈ লোক (Food poisoning in Lanka)। লংকাৰ জয়সাগৰৰ ৰবিন্দ্ৰ মজুমদাৰ নামৰ ব্যক্তিজনৰ পৰিয়ালত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷
মানিকপুৰৰ নোৱাগাঁৱত বিদ্যুৎ বিভাগৰ নাভুত নাশ্ৰুত কাণ্ড (Danger situation at Manikpur)। বিজনী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত নোৱাগাঁৱত বাহঁৰ খুটা, কাঠৰ খুটা, গছৰ ঠাৰিৰে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগ কৰিছে বিদ্যুৎ বিভাগে ৷ বিদ্যুতৰ তাঁৰত জোৰা তাপলি মাৰি গঞাক বিদ্যুতৰ যোগান ধৰিছে বিদ্যুৎ বিভাগৰ লোকে ৷ আনকি হাতেৰে চুই দিব পৰা যায় বিদ্যুৎ তাঁৰ ৷ এতিয়া এই ঘটনাই শংকিত কৰিছে গাঁওবাসীক ৷ যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অচিৰেই এই খুটাসমূহৰ পৰিৱৰ্তে পকী খুটা নিৰ্মাণ কৰিবলৈ দাবী জনায় স্থানীয় লোকে ৷
সুদীৰ্ঘ 9 বছৰ ধৰি শহুৰেকৰ কামনাৰ বলি হৈ আহিছে এগৰাকী দুৰ্ভগীয়া বোৱাৰী (Rape case in Assam)৷
লামডিঙৰ পৰা নিৰুদ্দেশ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ (Student went missing from Lamding) ৷ লামডিং প্ৰণৱ বিদ্যাপিঠ বিদ্যালয়ত অধ্যায়নৰত আছিল ছাত্ৰজন ৷ নাম বিকি সৰকাৰ ৷ প্ৰায় প্ৰতিদিনাই পুৱা 5 বজাত বিকি ঘৰৰ পৰা ওলাই যায় আৰু খেলাধূলা কৰি আকৌ ঘূৰি আহে ৷ কিন্তু যোৱা ১৪ অক্টোবৰ পুৱা প্ৰতিদিনাৰ দৰেই ঘৰৰ পৰা ওলাই গৈছিল বিকি ৷ কিন্তু আনদিনাৰ দৰে সেইদিনা ঘৰ উভতি নাহিল বিকি ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে লামডিং থানাত গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই বিকিৰ ৷ লামডিং ৰাম ঠাকুৰ অঞ্চলৰ নিৱাসী পিতৃ-মাতৃয়ে নিজৰ সন্তানক বিচাৰি নাপায় এতিয়া কান্দোনত ভাঙি পৰিছে ৷
ফেচবুকত ফটো আপলোড দি শলঠেকত থানাৰ গাড়ী চালক ৷ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ গাড়ী চালক লাচিত বায়নে আৰক্ষীৰ পোচাকত ৰাইফল লৈ আপলোড কৰিছিল ফটো (police station driver arrested for uploading photo)৷
ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ । এইবাৰ গোলাঘাট জিলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সমীপৰ অঞ্চলত শ শ বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ (Elephant on National Highway at Golaghat) । দৈগ্ৰোং চাহ বাগিচাৰ কাষৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় বিচৰণ কৰে বনৰীয়া হাতীৰ জাকটোৱে ।