ডিমা হাছাও, ২১ জুন: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত । অহা নৱেম্বৰ বা ডিচেম্বৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্য়ে চৰ্চা হৈছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লক্ষ্য় কৰিয়েই ইতিমধ্যে কংগ্ৰেছ বিজেপি লগতে সকলো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে । এনে কুচকাৱাজৰ মাজতেই ডিমা হাছাও জিলাত কংগ্ৰেছ আৰু বিজেপি দল ত্যাগ কৰি তিনি শতাধিক লোকৰ তৃণমূল কংগ্ৰেছত যোগদান ।
মঙলবাৰে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচ'ত কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি তিনি শতাধিক লোকে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । উমৰাংচ' কাৰ্বি ক্লাৱত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক পলাশ দত্তৰ উপস্থিতিত তিনি শতাধিক লোকে কংগ্ৰেছ আৰু বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । এই অনুষ্ঠানটোত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ডিমা হাছাও জিলা কমিটীৰ সভাপতি অচিং জেমি, সাধাৰণ সম্পাদক চেতমিনথাং খংচাই আদিকে ধৰি তৃণমূল কংগ্ৰেছৰ অন্যান্য নেতৃবৃন্দ ।