ডিমা হাছাও, ৮ ছেপ্টেম্বৰ: যোৱা ২৬ আগষ্টত ডিমা হাছাও জিলাত ৫ খন কয়লা ভৰ্তি ট্ৰাকত উগ্ৰপন্থীয়ে অগ্নি সংযোগ কৰাৰ পিছত এইবাৰ পুনৰ ৩ খন ট্ৰাক জ্বলাই দিলে দুৰ্বৃত্তই । ডিমা হাছাও জিলাৰ অসম-মেঘালয় সীমান্তৰ নামচা গাঁৱত মঙলবাৰে নিশা এই বিক্ষিপ্ত ঘটনা সংঘটিত হয় । উমৰাংচুৰ অসম-মেঘালয় সীমান্তৱৰ্তী লুবাং বনাঞ্চলৰ পৰা ১২ কিলোমিটাৰ দূৰত থকা নামচা গাঁৱৰ জংঘলত দুৰ্বৃত্তৰ দলে অগ্নি সংযোগ কৰে তিনিখন ট্ৰাকত । ট্ৰাককেইখনে উমৰাংচুৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।
জিলাখনত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাই এতিয়া ট্ৰাক চালকসকলক শংকিত কৰি তুলিছে । যোৱা ২৬ আগষ্টৰ নিশা প্ৰায় ৯ বজাত হাফলঙৰ পৰা ১২০ কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে কয়লা কঢ়িয়াই নিয়া পাঁচখন ট্ৰাকলৈ লক্ষ্য কৰি গুলীচালনা কৰে । এই ঘটনাত ৫ জন ট্ৰাক চালকে প্ৰাণ হেৰুৱাবলগীয়া হয় । গুলীচালনাৰ পাছতে উগ্ৰপন্থীয়ে ট্ৰাককেইখন পেট্ৰ'ল ঢালি জ্বলাই দিয়ে ।