ডিমা হাছাও, ১৯ এপ্ৰিল :অব্যাহত কাঠফুলা ট্ৰেজেডী । ডিমা হাছাও জিলাত বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা লোকৰ সংখ্যা তিনি গৰাকীলৈ বৃদ্ধি (Three died after consuming mushrooms) । মঙলবাৰৰ দিনটোতে প্ৰাণ হেৰুৱালে ২ গৰাকীয়ে । কেইবাজনৰো অৱস্থা সংকটজনক । মঙলবাৰে পুৱাতেই মৃত্যু ঘটিছিল এগৰকী মহিলাৰ । পুনৰ দুপৰীয়াৰ ভাগত আৰু এগৰাকী যুৱকৰ মৃত্যু ঘটে হাফলং অসামৰিক চিকিৎসালয়ত । বৰ্তমানলৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ৩ গৰাকীলৈ ।
মঙলবাৰ ৰাতিপুৱা সুজাতা তামাং নামৰ এগৰাকী মহিলাৰ মৃত্যৰ পিছতে দুপৰীয়ালৈ সুৰেন লামা নামৰ আৰু এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ কথা সদৰী কৰে হাস্পতাল কৰ্তৃপক্ষই ।
উল্লেখ্য, যোৱা ১৩ এপ্ৰিলত ডিমা হাছাও জিলাৰ উমৰাংচুৰ ৮ কিলো এলেকাত তিনিটা পৰিয়ালে হাবিৰ পৰা কাঠফুলা আনি বনাই খোৱাৰ পিছতে তিনিটা পৰিয়ালৰ ৯ গৰাকী লোক অসুস্থ হৈ পৰিছিল । চিকিৎসালয়লৈ অনাৰ পথতে প্ৰাণ হেৰুৱাইছিল মাণিক কুৰ্মী নামৰ লোকজনে ।