ডিমা হাছাও, 13 জুন:পানীৰ তীব্ৰ সংকটত ভুগিছে হাফলংবাসী ৷ বিগত 12 মাহে দৰমহা নোপোৱাৰ ফলত হাফলঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পিছৰে পৰা হাফলংত পানী যোগান বন্ধ হৈ পৰে। 12 মাহৰ দৰমহা মুকলি কৰি দিয়াৰ দাবীত 4 জুনৰ পৰা কাম বন্ধ কৰি দিছে বিভাগটোৰ কৰ্মচাৰী সকলে ৷ ফলত হাফলঙত এতিয়া খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়কঃ লাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ