ডিমা হাছাও 4 ফেব্ৰুৱাৰী: অহা 26,27,আৰু 28 ফেব্ৰুৱাৰী হাফলংত অনুষ্ঠিত হব সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন ৷ এই অধিবেশনত বিভিন্ন জনজাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হ’ব । সদৌ ডিমাচা ছাত্ৰ সন্থাৰ হাফলং কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদমেল পাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি পবিত্ৰ নুনিচাই হাফলং এন এল দাওলাগাপু খেল পথাৰত ছাত্ৰ সন্থাৰ 30 সংখ্যক অধিবেশন অনুষ্ঠিত হব বুলি সদৰি কৰে ।
এই অধিবেশনত নাগালেণ্ড কাৰ্বি-আংলং নগাঁও হোজাই কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু ৰাজ্যৰ ডিমাচা অধ্যসূচিত এলেকাৰ পৰা 5 হাজাৰৰো অধিক প্ৰতিনিধি ভাগ লব ৷ সংবাদমেলত পবিত্ৰ নুনিচাই আৰু কয় এই অধিবেশনত সব জাতি জনগোষ্ঠীক আমন্ত্ৰণ জনোৱা হব বুলি মন্ত্যৱ কৰে পবিত্ৰ নুনিচাই ৷