অসম

assam

ETV Bharat / state

ডিমা হাছাওত উগ্ৰপন্থীৰ গুলীচালনা - ডিমা হাছাওত গুলীচালনা

ডিমা হাছাও জিলাৰ মাইলুত পথ নিৰ্মাণ সংস্থাৰ অস্থায়ী কাৰ্যালয় লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা

terrorist group firing at Dima hasao
ডিমা হাছাওত গুলীচালনা

By

Published : Feb 27, 2020, 2:46 PM IST

ডিমা হাছাও 27 ফেব্ৰুৱাৰীঃ ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ কামত জড়িত থকা নিৰ্মাণ সংস্থাৰ অস্থায়ী কাৰ্যালয় লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা । অৰ্তকিতে চলা গুলীচালনাৰ ফলত কথমপি ৰক্ষা পৰে নিৰ্মাণ সংস্থাটোৰ কৰ্মচাৰী,বিষয়ববীয়াসকল । ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মাইলু প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ নিৰ্মাণৰ কামত জড়িত এখন নিৰ্মাণ সংস্থাৰ অস্থায়ী কাৰ্যালয়ত আক্ৰমণ চলাই একে 47 ৰাইফল দি গুলীচালনা কৰে সন্দেহজনক উগ্ৰপন্থী সংগঠনে। এই গুলীচালনাৰ ঘটনাত সন্দেহজনক'ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মী'জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

সন্দেহৰ আৱৰ্তত 'ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মী'
আক্ৰমণৰ লক্ষ্য হোৱা বাহনখন

আৰক্ষীৰ মতে,মাইলুত 10 কিলোমিটাৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ নিৰ্মাণৰ কামত জড়িত থকা নিৰ্মাণ সংস্থাটোৰ অস্থায়ী কাৰ্যালয় আৰু বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে উগ্ৰপন্থী সংগঠনটোৱে । এই গুলীচালনাৰ পিছত কাৰ্যালয় এৰি পলায়ণ কৰে নিৰ্মাণ সংস্থাটোৰ কৰ্মচাৰী বিষয়ববীয়াসকলে ৷ জানিব পৰা মতে,মাইলুত পথ নিৰ্মাণৰ কামত জড়িত নিৰ্মাণ সংস্থাক ধন দাবী কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে। ইফালে এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ ৷

ঘটনাস্থলীত উদ্ধাৰ খালী কাৰ্টিজ

লগতে পঢ়কঃঅৰুণাচলত অবৈধ আফিং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান !

ABOUT THE AUTHOR

...view details