ডিমা হাছাও,১৬ মে': অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও এতিয়া ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত(Terrible form of landslides in dima hasao) । পাহাৰীয়া জিলাৰ সদৰ চহৰ হাফলং এতিয়া ৰাজ্যৰ অন্যান্য অংশৰ পৰা যোগাযোগ বিছিন্ন হৈ পৰিছে(Haflong communication with other parts of state is cut off) । ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'লসেৱা বন্ধ হৈ পৰাৰ পিচতে এতিয়া ২৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথ ভূমিস্খলনৰ ফলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।
হাফলং-জাতিংগা ঘাইপথ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যোৱাৰ ফলত পাহাৰীয়া জিলাৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ অন্যান্য অংশৰ যোগাযোগ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে । যাৰ ফলত এতিয়া ডিমা হাছাও জিলাত খাদ্য সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে ।
ইপিনে হাফলং চহৰৰ ফিছাৰী কল'নিত গোপাল বাটাৰি নামৰ এক ব্যক্তিৰ বাসগৃৃহ ভূমিস্খলনৰ ফলত সম্পূৰ্ণ মাটিৰ তলত সোমাই পৰে । সৌভাগ্যক্ৰমে ৰক্ষা পৰে লোকজনৰ পৰিয়ালৰ লোক ।