অসম

assam

বেলট বক্স সলনি কৰাৰ অভিযোগত নিশা উত্তপ্ত ডিমা হাছাও

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:04 AM IST

Tense situation in Dima Hasao : বেলট বক্স সলনি কৰাৰ অভিযোগ তুলি নিশা ডিমা হাছাও জিলাৰ লাংটিং এলেকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিজেপিৰ একাংশ গুণ্ডাবাহিনীয়ে লাংটিং এলেকাৰ জংঘলৰ ভিতৰত নিৰাপত্তাৰক্ষীৰ বাহন ৰখাই বেলট বক্স সলনি কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাইজ উত্তেজিত হৈ পৰে ৷

Tense situation in Dima Hasao
বেলট বক্স সলনি কৰাৰ অভিযোগত উত্তপ্ত ডিমা হাছাওত

বেলট বক্স সলনি কৰাৰ অভিযোগত উত্তপ্ত ডিমা হাছাওত

হাফলং 9 জানুৱাৰী : দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সোমবাৰে অনুষ্ঠিত হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ দিনটো ভোট গ্ৰহণৰ পাচত বেলেট বক্সসমূহ ভোট কেন্দ্ৰৰ পৰা নিৰাপত্তা কৰ্মীয়ে ষ্ট্ৰং ৰূমলৈ লৈ যোৱাৰ সময়তে মাজ ৰাস্তাতে একাংশ বিজেপি কৰ্মীয়ে বেলট বক্স সলনি কৰা বুলি অভিযোগ তুলি ডিমা হাছাও জিলাৰ লাংটিং এলেকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

ৰাইজৰ অভিযোগ অনুসৰি, ডিমা হাছাও জিলাত শান্তিপূৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিচতে নিশা যেতিয়া লাংটিং আৰু হাতীখালি সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা প্ৰশাসনে বেলট বক্সসমূহ লৈ ষ্ট্ৰং ৰূমলৈ গতি কৰিছিল ৷ তেনে সময়তে কিন্তু বিজেপিৰ একাংশ গুণ্ডাবাহিনীয়ে লাংটিং এলেকাৰ জংঘলৰ ভিতৰত নিৰাপত্তাৰক্ষীৰ বাহন ৰখাই বেলট বক্স সলনি কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাইজ উত্তেজিত হৈ পৰে ৷

ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি প্ৰশাসেন বাহনত ইন্ধন নাই বুলি ৰাইজক সৈমান কৰাবলৈ চেষ্টা কৰে ৷ কিন্তু উত্তেজিত ৰাইজে প্ৰশাসনৰ কথাত ভোল নগৈ অধিক উত্তেজিত হৈ পৰে আৰু বিজেপিৰ একাংশ লোকে বেলেট বক্স সলনি কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে ৷ বহুবল, ধনবল আৰু প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপিয়ে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে বুলিও উত্তেজিত ৰাইজে অভিযোগ উত্থাপন কৰে ৷

হাফলঙতো বিভিন্ন অভিযোগ উত্থাপন হৈছে ৷ হাফলং সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডেনিয়েল লাংথাচাই এটা ভোট গ্ৰহণ কেন্দ্ৰত ভোট বন্ধ কৰি দিয়াৰ অভিযোগ তুলি কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ দাবী জনায় । দিহমলাই সমষ্টিৰ বেলট বক্স হাফলঙত ৰখাৰ পাছতে বেলট বক্স চুৰি হোৱাৰো অভিযোগ উঠিছে ।

আনহাতে পৰিষদৰ নিৰ্বাচনত 65 শতাংশৰো অধিক ভোটদান হোৱা বুলি জানিব পৰা গৈছে ৷ সেমবাৰে প্ৰায় 86 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল বেলট বক্সত ৷ 12 জানুৱাৰীত ঘোষণা কৰা হ’ব পৰিষদীয় নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক :উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সুকলমে সম্পন্ন

ABOUT THE AUTHOR

...view details