ডিমা হাছাও,13 এপ্ৰিল: ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী ছাত্ৰী । হাফলং বিবেকানন্দ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ দেহত মঙলবাৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । মঙলবাৰে ৰেপিড এণ্টিজেন পৰীক্ষাত ছাত্ৰী গৰাকীৰ দেহত ক‘ভিড-19 ৰ অৱস্থিতি ধৰা পৰে বুলি জানিবলৈ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুগ্ম-সঞ্চালিকা ডাঃ দীপালী বৰ্মনে ৷ ইতিমধ্যে ছাত্ৰী গৰাকীৰ সংস্পৰ্শলৈ অহা অন্যান্য লোকসকলকো ক‘ভিড পৰীক্ষা কৰোৱা হ‘ব বুলিও জানিবলৈ দিছে ডাঃ দীপালী বৰ্মনে ৷
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ছাত্ৰী - ক‘ভিড পৰীক্ষা
ডিমা হাছাওত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী ছাত্ৰী । মঙলবাৰে ৰেপিড এণ্টিজেন পৰীক্ষাত ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে ক‘ভিড-19 ৰ অৱস্থিতি ৷
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত স্কুলীয়া ছাত্ৰী
উল্লেখ্য যে, ডিমা হাচাও জিলাত কৰ‘ণাৰ দ্বিতীয়টো ঢৌত এই পৰ্যন্ত মুঠ 9 গৰাকী লোক কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক: ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম কৰাৰ নিৰ্দেশ