অসম

assam

ETV Bharat / state

দিয়ুং নৈৰ অবৈধ শিল খনন কাৰ্য বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ - দিয়ুং নৈ

দিয়ুং নৈৰ পৰা অবৈধ শিল খননৰ ফলত হাফলং চহৰৰ লগতে বহুকেইখন গাঁৱত খোৱা পানীৰ সংকট দেখা দিছে ৷ কাৰণ দিয়ুং নৈ হ'ল খোৱা পানীৰ একমাত্ৰ উৎস। যাৰ পৰিপ্ৰেক্ষিতত দিয়ুং নৈত অবৈধ শিল খননৰ ফলত আগন্তুক দিনত আৰু অধিক সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে ৷

Strong protest against the demand of stopping the illegal excavation work of Diyung River
দিয়ুং নৈৰ অবৈধ শিলখনন কাৰ্যৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ

By

Published : Aug 21, 2020, 8:45 PM IST

ডিমা হাছাও, 21 আগষ্টঃঅবৈধ শিল খননৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ডিমা হাছাও জিলা৷জিলাখনৰ দিয়ুং নৈৰ কাষৰীয়া 7 খনকৈ গাঁৱৰ ৰাইজে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জাতিংগা দিয়ুং নৈ পৰা অবৈধ শিল খনন কাৰ্য বন্ধ কৰাৰ দাবীৰে পুৱা 11 বজাৰ পৰা বিয়লি 4 বজালৈ নৈৰ পাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷

দিয়ুং নৈৰ অবৈধ শিলখনন কাৰ্যৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ

ইপিনে স্থানীয় যুৱক লিয়নগাওজিও চিংসনয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, জাতিংগা নৈৰ পৰা অবৈধ শিল খননৰ ফলত হাফলং চহৰৰ লগতে বহুকেইখন গাঁৱত খোৱা পানীৰ সংকট দেখা দিছে ৷ কাৰণ দিয়ুং নৈ হৈছে খোৱা পানীৰ একমাত্ৰ উৎস।যাৰ পৰিপ্ৰেক্ষিতত দিয়ুং নৈত অবৈধ শিল খননৰ ফলত আগন্তুক দিনত আৰু অধিক সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে ৷

উল্লেখযোগ্য যে, বন বিভাগৰ তৰফৰ পৰা দিয়ুং নৈত এল এনটি লৈ শিল খননৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা আছে যদিও দিয়ুং নৈত এলএনটি লৈ অবৈধ শিল খননৰ কাম অব্যাহত আছে।

লগতে পঢ়কঃমৰিগাঁৱত বিজেপিত যোগদান কাৰ্যসূচীত সামাজিক দুৰত্ব ভংগ

ABOUT THE AUTHOR

...view details