অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ - public health worker of Dima Hasao

শীঘ্ৰে দৰমহা প্ৰদান কৰাৰ আশ্বাস লাভ কৰাৰ পাছতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলে ৷

Strike posponed by public health worker of Dima Hasao
ডিমা হাছাও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ

By

Published : Jun 16, 2020, 1:01 PM IST

ডিমা হাছাও 16 জুন: শীঘ্ৰে দৰমহা প্ৰদান কৰাৰ আশ্বাস লাভ কৰাৰ পাছতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলে ৷ বিভাগীয় অভিযন্তাৰ পৰা শীঘ্ৰেই কৰ্মচাৰী সকলৰ দৰমহা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে 15 দিনৰ বাবে কৰ্মবিৰতি কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰী সকলে ৷ কিন্তু আগন্তুক 15 দিনৰ ভিতৰত বাকী থকা 12 মাহৰ দৰমহা প্ৰদান নকৰিলে পুনৰ এই কাৰ্যসূচী চলাই নিয়া হ'ব বুলি জনাইছে সদৌ অসম জনস্বাস্থ্য কৰ্মচাৰী সংস্থাৰ ডিমা হাছাও জিলা শাখাৰ সাধাৰণ সম্পাদক বিপুল লংমাইলাইয়ে ৷

ডিমা হাছাও জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ

উল্লেখ্য যে, বিগত 12 মাহে দৰমহা নোপোৱাৰ বাবে যোৱা 4 জুনৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰি কাম বন্ধ কৰি ৰাখিছিল এইসকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে ৷ ইয়াৰ মাজতে 15 জুনত কৰ্মচাৰী সকলক শীঘ্ৰে দৰমহা প্ৰদানৰ আশ্বাস প্ৰদান কৰে বিভাগীয় অভিযন্তাই ৷ এই আশ্বাসৰ পাছতেই অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ দৰমহা অনলাইন যোগে দিয়াৰ ব্যৱস্থা হোৱাৰ পাছৰে পৰা ৰিটেনচন নথকাৰ বাবে 2019 চনৰ 19 জুনৰ পৰা দৰমহা বন্ধ হৈ পৰে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কৰিকৰি বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ ৷

লগতে পঢ়কঃ জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details