অসম

assam

ডিমা হাছাওত ধুমুহাৰ তাণ্ডৱ

By

Published : May 26, 2021, 10:00 PM IST

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাত ব্যাপক ক্ষতিসাধন । দিয়ুংবৰা অঞ্চলত নিশা 9 বজাত প্ৰচণ্ড ধুমুহাৰ ফলত হামৰুদিছা গাঁৱত ব্যাপক ক্ষতি সাধন ৷

ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহাঃ বিস্তৰ ক্ষতিসাধন
ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহাঃ বিস্তৰ ক্ষতিসাধন

ডিমা হাছাও, 26 মে': হাফলঙৰ পৰা 120 কিলোমিটাৰ আঁতৰৰ দিয়ুংবৰা অঞ্চলৰ হামৰুদিছা গাঁৱত প্ৰচণ্ড ধুমুহা আৰু বৰষুণে ব্যাপক তাণ্ডৱ চলাইছে বুলি জানিব পৰা গৈছে । ধুমুহাৰ ফলত গাঁও খনৰ 6 টাকৈ বাসগৃহৰ ব্যাপক ক্ষতি হয় ।

ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহাঃ বিস্তৰ ক্ষতিসাধন

ধুমুহাৰ ফলত হামৰুদিছা গাঁৱৰ ক্ষতিগ্ৰস্থ লোক সকল হৈছে বিলাল হোজাই, অপ্সৰাম গিৰীচা, বিকাশ হাগজাৰ, বিক্ৰম হোজাই, ৰূপচান্দ লাংথাছা, ডাইমেনচিনাল লাংথাছা । উল্লেখ্য যে, ইয়াচ ঘূৰ্ণী বতাহক লৈ ডিমা হাছাও জিলাত সতৰ্কতা জাৰি কৰিছে ডিমা হাছাও জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে এই নিৰ্দেশ জাৰি কৰি জিলাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি দুৰ্যোগ প্ৰশমন বিভাগ, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আদিকে ধৰি বিভিন্ন বিভাগক সতৰ্ক থকাৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত পল বৰুৱাই ।

লগতে পঢ়ক :বিষয় মিঠাতেল: যোগান মন্ত্ৰী ৰঞ্জিৎ দাসক এজাউৰি বিৰোধী দলপতিৰ

ABOUT THE AUTHOR

...view details