অসম

assam

ETV Bharat / state

উমৰাংচৰ পাণিমুৰ জলপ্ৰপাতৰ সংৰক্ষিত অঞ্চলত শিল খননৰ অভিযোগ

অসমৰ অন্যতম পৰ্যটনস্থলী উমৰাংচৰ পাণিমুৰ জলপ্ৰপাত ৷ সম্প্ৰতি ধ্বংসৰ গৰাহত এই পৰ্যটনস্থলী ৷ পাণিমুৰ জলপ্ৰপাতৰ সংৰক্ষিত এলেকাত অবাধ শিল খনন কাৰ্য চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

উমৰাংচৰ পাণিমুৰ জলপ্ৰপাত
উমৰাংচৰ পাণিমুৰ জলপ্ৰপাত

By

Published : Aug 8, 2020, 6:10 PM IST

ডিমা হাছাও, 8 আগষ্ট: উমৰাংচৰ পাণিমুৰ এক অন্যতম বিখ্যাত জলপ্ৰপাতৰ লগতে, অসমৰ অন্যতম পৰ্যটনস্থলী ৷ বলীউডৰ ৰংগুন চিনেমাৰ চুটিঙৰ পাচতে পাণিমুৰ জলপ্ৰপাতে দেশ-বিদেশৰ পৰ্যটকৰ মাজত ব্যাপক লাভ কৰিছিল ব্যাপক চৰ্চা ৷ কিন্তু এই সুন্দৰ পৰ্যটনস্থলী সম্প্ৰতি ধ্বংসৰ গৰাহত ৷ কিয়নো স্থানীয় ৰাইজে কিছুদিন পূৰ্বে পাণিমুৰ জলপ্ৰপাতৰ সংৰক্ষিত এলেকাত অবাধ শিল খনন কাৰ্য প্ৰত্যক্ষ কৰিছে ৷

পাণিমুৰ জলপ্ৰপাতৰ সংৰক্ষিত অঞ্চলত শিল খননত আছে বাধা ৷ কিন্তু পাণিমুৰ জলপ্ৰপাত সংৰক্ষিত অঞ্চলত জেচিবিৰ লগতে শিলভঙা কিছুমান যন্ত্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰোপৰি ইতিমধ্যেই শিল খনন কৰি ডাম্পাৰ, ট্ৰাক আদিৰে সেই স্থানৰ পৰা শিল সৰবৰাহ কৰি থকাৰ বিষয়েও উল্লেখ কৰিছে স্থনীয় ৰাইজে ৷ ইয়াৰ বাবে সেই অঞ্চলত এটা অস্থায়ী পথ গঢ় লৈ উঠিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত বিফল হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ অধীনৰ বন বিভাগ ৷ পাণিমুৰৰ খনন বিষয়টো প্ৰকাশ হোৱাৰ পাচত বন বিভাগে সেই স্থানত তদন্তৰ বাবে উপস্থিত হোৱাৰ পাচতে ৰহস্যজনকভাৱে অদৃশ্য হৈ পৰে জেচিবিসহ শিল ভঙা যন্ত্ৰ সমূহো ৷ সম্প্ৰতি ভিন্ন দল সংগঠন সৰৱ হৈ উঠিছে পাণিমুৰ ৰক্ষাৰ স্বাৰ্থত ৷

লগতে পঢ়ক:পিতৃ-মাতৃৰ অৱৰ্তমানত পৰিয়ালৰ গধুৰ দায়িত্ব লৈছে কণমানি ৰূপালীয়ে

ABOUT THE AUTHOR

...view details