ডিমা হাছাও 2 আগষ্ট :ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনত নৱ সংযোজন ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত পৰ্যটনৰ ক্ষেত্ৰখনত সংযোজিত হ’ল মটৰ ব’ট ৰাইডিং ৷ ৰাজ্যৰ পৰ্যটন বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ডিমা হাছাও জিলাক এক বৃহৎ পৰ্যটন কেন্দ্ৰ স্থল হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ।
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যই সদায়েই আকৰ্ষিত কৰি আহিছে দেশ বিদেশৰ পৰ্যটক সকলক । ডিমা হাছাও জিলাৰ জাতিংগা, পানীমূৰ জলপ্ৰপাত, মাইবাং, হাফলং, টুংজে পিক, বৰাইল পিক আদিকে ধৰি ভিন্ন নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ বাবে ভিৰ কৰে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটক সকলে ৷ অন্যহাতে হাফলং চহৰৰ মাজমজিয়াতে আছে ব্ৰিটিছৰ শাসন কালৰে সময়ৰ হাফলং হ্ৰদ । হাফলং চহৰৰ মাজতে অৱস্থিত এই হ্ৰদ হৈছে পৰ্যটক সকলৰ বাবে অন্য এক আকৰ্ষণীয় স্থান ।