অসম

assam

ETV Bharat / state

বিশেষ টেট পৰীক্ষা পতাৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ - EDUCATION MINISTER

ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাত এনচি হিলছৰ প্ৰাৰ্থী সকলৰ কাৰণে বিশেষ টেট পৰীক্ষা পতাৰ দাবী জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক স্মাৰক পত্ৰ ডিমাছা ছাত্ৰ সন্থাৰ ।

বিশেষ টেট পৰীক্ষা পতাৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ

By

Published : Jun 19, 2019, 5:40 AM IST

Updated : Jun 19, 2019, 8:54 AM IST

ডিমা হাছাও, ১৯ জুন: ৰাজ্যত বিশেষ টেট পৰীক্ষা পতাৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ ৷ ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাত এনচি হিলছৰ প্ৰাৰ্থী সকলৰ কাৰণে বিশেষ টেট পৰীক্ষা পতাৰ দাবী জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক স্মাৰক পত্ৰ প্ৰদান সন্থাটোৰ । ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ জৰিয়তে শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে।

বিশেষ টেট পৰীক্ষা পতাৰ দাবী ডিমাছা ছাত্ৰ সন্থাৰ

ষষ্ঠ তপশিলিৰ অন্তৰ্গত দুখন পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ২০১৯ চনত হ’বলগীয়া টেট পৰীক্ষাৰ কাৰণে এনচি হিলছ প্ৰাৰ্থী সকলৰ কাৰণে বিএড আৰু ডিএলইডিৰ ক্ষেত্ৰত ৰেহাই দিব লাগিব । দুয়োখন জিলাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালি পদত এনচি হিলছ প্ৰাৰ্থীৰ কাৰণে বিশেষ টেট পৰীক্ষা পতাৰো দাবী তুলিছে ডিমাছা ছাত্ৰ সন্থাটোৱে ।

ইপিনে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে কয় যে, ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ এনচি হিলছ প্ৰাৰ্থী সকলৰ বিশেষ টেট পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে ৪০ শতাংশ কাট অৱ মাৰ্ক দিয়াৰ কথা । ইয়াৰ উপৰি স্মাৰক পত্ৰত ছাত্ৰ সন্থাই ডিমা হাছাও জিলাত এখন বিএড কলেজ স্থাপনৰ দাবী জনায় শিক্ষামন্ত্ৰীৰ ওচৰত ।

Last Updated : Jun 19, 2019, 8:54 AM IST

ABOUT THE AUTHOR

...view details