ডিমা হাছাও,28 মাৰ্চ: দেওবাৰে হাফলং এন দাওলাগাপু খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিজেপিৰ বিজয় সংকল্প ৰেলীৰ জৰিয়তে 16 নম্বৰ হাফলং সংৰক্ষিত উপজাতি সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাৰহৈ প্ৰচাৰ চলায় সোণোৱালে ৷ সহস্ৰাধিক কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ডিমা হাছাও জিলাত কেতিয়াও পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ তথা অসম আৰু পাহাৰীয়া জিলা ডিমা হাছাওক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰতিজ্ঞাৱদ্ধ ৷
ভাষণ প্ৰসংগত উন্নয়ণৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত কয়, সব কা সাথ, সব কা বিকাশ, সব কা বিশ্বাসক লৈ বিজেপি দলে বিগত পাঁচ বছৰত অভূত পূৰ্ব কাম কৰিলে ৷ ইতিমধ্যে ডিমা হাছাও জিলাত বৃহৎ এচিএচ চেণ্টাৰ স্থাপনৰ কাম আৰম্ভ হৈছে, অসম মালাৰ অধীনত 115 কিলোমিটাৰ পথ নিৰ্মাণ কৰাৰ লগতে 100খন বিছনা যুক্ত চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, দিল্লীত ডিমাচা ভৱন নিৰ্মান কৰা হৈছে ৷