অসম

assam

Son kills father in Haflong : চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিতৃক হত্যা পুত্ৰৰ

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:28 PM IST

নিজ পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে পিতৃক ৷ হাফলংত সংঘটিত হৈছে এই ঘটনা ৷

Son Killed his Father in Haflong
হাফলংত চাঞ্চল্যকৰ ঘটনা

চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে পিতৃক

হাফলং, 2 ছেপ্টেম্বৰ : হাফলংত চাঞ্চল্যকৰ ঘটনা ৷ নিজ পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে পিতৃক ৷ ডিমা হাছাও জিলাৰ নিম্ন হাফলংৰ বাসিন্দা 42 বছৰীয়া স্বপন দেৱনাথ নামৰ ব্যক্তিজনক হত্যা কৰে নিজ পুত্ৰই ৷ উল্লেখযোগ্য 27 আগষ্টৰ নিশা নিজৰ ঘৰতেই স্বপন দেৱনাথৰ পুত্ৰ অভিষেক দেৱনাথে চোকা অস্ত্ৰৰে ডিঙি কাটি নিজৰ পিতৃক হত্যা কৰিছিল ৷ ইয়াৰ পিচতে অভিষেকে নিজৰ পিতৃৰ মৃতদেহ বস্তাত বান্ধি ঘৰৰ পৰা 100 মিটাৰ দূৰত জংঘলৰ মাজত এটা গাঁতত মৃতদেহটো পেলাই দিছিল ৷ ইয়াৰ দুদিন পিচতে 29 আগষ্টত এগৰাকী স্কুলীয়া ছাত্ৰই জংঘলৰ মাজত এটা বস্তা প্ৰত্যক্ষ কৰে ৷ বস্তাটোৰ পৰা দুৰ্গন্ধ পোৱাত ছাত্ৰজনে বিদ্যালয়ৰ শিক্ষকক অৱগত কৰাৰ পিচতে শিক্ষকগৰাকীয়ে ওচৰে-পাজৰে লোকসকলক জনোৱাৰ পিচতে খবৰ দিয়া হয় হাফলং থানাত ৷

খবৰ লাভ কৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ স্বপন দেৱনাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ তদন্তত স্বপন দেৱনাথৰ পুত্ৰ আৰু পত্নীক সোধাপোচাৰ বাবে আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীৰ সোধাপোচাত অভিষেক দেৱনাথে পিতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ অভিষেকে কয় তেওঁ সৰু থকাৰ সময়ৰ পৰা দেখি আহিছে পিতৃয়ে তেওঁৰ মাতৃৰ ওপৰত অত্যাচাৰ চলাই আহিছিল ৷ বৰ্তমান অভিষেকৰ পত্নীকো তেওঁৰ পিতৃয়ে বেয়া দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰে ৷ যাৰ বাবে তেওঁ পিতৃক হত্যা কৰাৰ পৰিকল্পনা কৰে আৰু 27 আগষ্টৰ নিশা অভিষেক দেৱনাথে চোকা অস্ত্ৰৰে তেওঁৰ পিতৃক হত্যা কৰি তেওঁৰ মাতৃ আৰু পত্নীক এটা ৰুমৰ ভিতৰত বন্ধ কৰি স্বপন দেৱনাথৰ মৃতদেহ বস্তাত বান্ধি জংঘলৰ মাজৰ গাঁতত পেলাই দিয়ে ৷

হত্যাকাণ্ডৰ পিচতে অভিষেক দেৱনাথ আৰু তেওঁৰ মাতৃ আৰু পত্নীয়ে আৰক্ষীক বিভ্ৰান্ত কৰাৰ বাবে কয় যে, স্বপন দেৱনাথ 27 আগষ্টৰ নিশা ঘৰৰ পৰা ওলাই যোৱাৰ পিচতে আৰু ঘৰত ঘূৰি অহা নাছিল ৷ 29 আগষ্টত স্বপন দেৱনাথৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল তেওঁলোকৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা এখন জংঘলৰ মাজৰ গাঁতৰ পৰা ৷ স্বপন দেৱনাথৰ পত্নীয়ে কয় যে, দীৰ্ঘদিন ধৰি তেওঁ স্বামীৰ অত্যাচাৰ সহ্য কৰি আহিছিল আৰু এনে ধৰণৰ মানুহক জীয়াই থকাৰ কোনো অধিকাৰ নাই ৷ বৰ্তমান পিতৃক হত্যা কৰা অভিষেক দেৱনাথ ন্যায়িক জিম্মাত আছে ৷ লগতে অভিষেক দেৱনাথৰ মাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :Pratapgarh incident : শহুৰেকৰ পৰিয়ালৰ হাতত নিৰ্যাতিত বোৱাৰী, ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details