অসম

assam

ETV Bharat / state

কৰ'ণাক লৈ সজাগ নহয় ডিমা হাছাওৰ একাংশ লোক - ক’ভিড নিৰ্দেশনা

ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো যেন কোনো ভ্ৰূক্ষেপ নাই একাংশৰ ৷ বুধবাৰে হাফলং বজাৰত দেখা গ'ল এক ভয়ংকৰ ছবি ৷ চহৰখনত দৈনিক কৰ'ণাৰ সংক্ৰমণ হৈ থকাৰ পাচতো কোনো ধৰনৰ মাস্ক পৰিধান নকৰাকৈ সামাজিক দূৰত্ব নামানি বজাৰত মুক্ত মনে ঘুৰি আছে একাংশ লোক ৷

কৰ'ণাক লৈ সজাগ নহয় ডিমা হাছাওৰ একাংশ লোক
কৰ'ণাক লৈ সজাগ নহয় ডিমা হাছাওৰ একাংশ লোক

By

Published : May 6, 2021, 11:39 AM IST

ডিমা হাছাও, 6মে': ৰাজ্যত কৰ'ণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ পাচতো যেন সচেতন নহয় একাংশ লোক ৷ ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো যেন কোনো ভ্ৰূক্ষেপ নাই একাংশৰ ৷ বুধবাৰে হাফলং বজাৰত দেখা গ'ল এক ভয়ংকৰ ছবি ৷ চহৰখনত দৈনিক কৰ'ণাৰ সংক্ৰমণ হৈ থকাৰ পাচতো কোনো ধৰনৰ মাস্ক পৰিধান নকৰাকৈ সামাজিক দূৰত্ব নামানি বজাৰত মুক্ত মনে ঘুৰি আছে একাংশ লোক ৷

কৰ'ণাক লৈ সজাগ নহয় ডিমা হাছাওৰ একাংশ লোক

বুধবাৰৰ পৰা ৰাজ্যত জাৰি হোৱা নতুন ক’ভিড নিৰ্দেশনা অনুসৰি পূৰ্বৰ কিছু নিৰ্দেশনাৰ সলনি কৰি ডিমা হাছাও জিলাতো দিনৰ ২ বজাতে সকলো বজাৰ বন্ধ হৈ পৰে ৷ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হয় । ইয়াৰোপৰি জিলাখনৰ সকলো চৰকাৰী তথা বেচৰকাৰী বিদ্যালয়, কলেজ, কোচিং চেন্টাৰ আৰু হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে।

ইপিনে, ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 220 গৰাকী লৈ বৃদ্ধি হৈছে । বুধবাৰে পাহাৰীয়া জিলা খনত 8 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰৰ দিনটোত সুস্থ হৈ উঠিছে 33 গৰাকী ৰোগী। বৰ্তমান 34 গৰাকী ৰোগীৰ চিকিৎসাধীন হৈ থকাৰ লগতে 112 গৰাকী ৰোগীক ৰখা হৈছে হোম আইচ'লেশ্বনত ৷

লগতে পঢ়ক:শিৱসাগৰত 2 বজাৰ লগে লগে বন্ধ হৈ পৰিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ

ABOUT THE AUTHOR

...view details