ডিমা হাছাও,8 মে’: ডিমা হাছাওৰ একমাত্ৰ 16 নং হাফলং বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাক ৰাজ্যৰ মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী ডিমা হাছাওৰ বিভিন্ন দল-সংগঠনৰ ।
শুকুৰবাৰে হাফলংস্থিত জেএনএইচ কাৰ্যালয়ত ডিমাচা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইছ হচম ডিমাচা ছাত্ৰ সংস্থা সদৌ ডিমাচা ছাত্ৰ সংস্থাই আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলৰ জৰিয়তে হাফলং সমষ্টিৰ বিজেপিৰ জয়ী প্ৰাৰ্থী নন্দিতা গাৰ্লোচাক ৰাজ্যৰ মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী জনায় ৷
নন্দিতা গাৰ্লোচাক মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী দল-সংগঠনৰ সংবাদমেলত জাদিখে নাইছ হচমৰ সভাপতি চাইনদেশ আৰদাওয়ে কয় যে, "প্ৰথমবাৰৰ বাবে হাফলং সমষ্টিৰ পৰা এগৰাকী মহিলাপ্ৰাৰ্থীয়ে নিৰ্বাচনত জয় লাভ কৰি বিধানসভাত স্থান পাইছে ৷ অসমৰ একমাত্ৰ পাহাৰীয়া জিলাৰ পৰা জয়লাভ কৰা মহিলা প্ৰাৰ্থী গৰাকীক যি কোনো প্ৰকাৰে ৰাজ্যৰ মন্ত্ৰীসভাত স্থান দিয়া উচিত" ৷
তেওঁ কয় যে, সুদীৰ্ঘ 20 বছৰৰ পৰা ডিমা হাছাওৰ পৰা জয় লাভ কৰা কোনো বিধায়কক ৰাজ্যৰ মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই । সেয়ে যিকোনো প্ৰকাৰে নন্দিতা গাৰ্লোচাক মন্ত্ৰীসভাত স্থান কৰি দিয়াৰ দাবী জনাই জাদিখে নাইছ হচমৰ সভাপতি চাইনদেশ আৰদাও আৰু ডিমাচা ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে ।
লগতে পঢ়ক:কৰ’ণাৰ সংক্ৰমণ ৰোধৰ চেষ্টা নামচাং চাহ বাগিচাত