অসম

assam

ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰৱল শীত নমাইছে তুষাৰপাতে - ডিমা হাছাও জিলাত শীতৰ প্ৰকোপ বৃদ্ধি

বৰাইল পাহাৰত হোৱা তুষাৰপাতৰ ফলত শীতৰ প্ৰকোপ বৃদ্ধি ডিমা হাছাও জিলাত

snowfall at Dima hasao
ডিমা হাছাও জিলাত তুষাৰপাত

By

Published : Jan 30, 2020, 4:36 PM IST

ডিমা হাছাও, 30 জানুৱাৰীঃযোৱা কিছুদিনৰ পৰা শীতৰ প্ৰকোপ ব্যাপক হাৰত বাঢ়ি গৈছে ডিমা হাছাও জিলাত। শীতৰ কাৰণে জনজীৱন বিপৰ্যস্ত হৈ পৰিছে জিলাখনৰ। প্ৰচণ্ড শীতৰ কাৰণে সন্ধিয়া হোৱাৰ পিছতে জনশূন্যহীন হৈ পৰে চহৰৰ বাট-পথ ৷

ডিমা হাছাও জিলাত তুষাৰপাত

বৰাইল পাহাৰ আৰু ইয়াৰ ওচৰে পাঁজৰে জাতিংগা আদিকে ধৰি বিভিন্ন ঠাইত তুষাৰপাতৰ ফলত হাফলং চহৰৰ তাপমাত্ৰা যথেষ্ট কমিছে । হাফলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা এইকেইটা দিনত আছিল 7 ডিগ্ৰী চেলচিয়াছ।

ডিমা হাছাও জিলাত তুষাৰপাত

উল্লেখযোগ্য যোৱা 23 জানুৱাৰীৰ পৰা তুষাৰপাত হৈ আছে বৰাইল অঞ্চলত। তুষাৰপাতৰ লগত হিমচেঁচা বতাহে ব্যাপক হাৰত শীতৰ হাৰ বৃদ্ধি কৰিছে শৈল চহৰ হাফলঙত।

ডিমা হাছাও জিলাত তুষাৰপাত

লগতে পঢ়কঃআমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

ABOUT THE AUTHOR

...view details