অসম

assam

ETV Bharat / state

কৰ'ণাৰ আক্ৰান্তত সংস্পৰ্শত অহা 6 গৰাকীক কোৱাৰেণ্টাইন হাফলঙত

হাইলাকান্দিৰ ফয়জুল হক বৰভূঞাৰ সংস্পৰ্শত অহা ডিমা হাছাও জিলাৰ 6 গৰাকী ব্যক্তিক বৃহস্পতিবাৰে হাফলঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

six people quarantined in haflong
six people quarantined in haflong

By

Published : Apr 9, 2020, 8:49 PM IST

ডিমা হাছাও, 9 এপ্ৰিলঃবৃহস্পতিবাৰে হাইলাকান্দিৰ ফয়জুল হক বৰভূঞাৰ সংস্পৰ্শত অহা ডিমা হাছাও জিলাৰ 6 গৰাকী ব্যক্তিক কোৱাৰেণ্টাইন কৰোৱা হয় । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনে উল্লেখ কৰা অনুসৰি, COVID-19ত আক্ৰান্ত ফয়জুল হক বৰভূঞাৰ লগত 17 মাৰ্চত গুৱাহাটী-শিলচৰ ফাষ্ট যাত্ৰীবাহী ৰে'ল খনৰ, এচ থ্ৰী ডবাত একেলগে যাত্ৰা কৰিছিল ডিমা হাছাও জিলাৰ এই 6 গৰাকী ব্যক্তিয়ে । লগতে এই ব্যক্তি কেইগৰাকীৰ দেহত বৰ্তমানলৈ COVID-19ৰ কোনো লক্ষণ পোৱা নাই যদিও, হাফলঙৰ কোৱাৰাণ্টাইন কেন্দ্ৰত ৰাখি তেওঁলোকৰ স্বাস্থ্য নিৰীক্ষণৰ ব্যৱস্থা কৰোৱা হৈছে । ব্যক্তি কেইগৰাকীৰ ভিতৰত 5 গৰাকী হাফলঙৰ আৰু এগৰাকী মাহুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

6 গৰাকীক কোৱাৰাণ্টাইন হাফলঙত

ABOUT THE AUTHOR

...view details