ডিমা হাছাও, ২৯ জুন : দেশত কৰ'ণাৰ (Corona) দ্বিতীয় ঢৌ অব্যাহত থকাৰ মাজতে শেহতীয়া তৃতীয় ঢৌ (Third wave) সন্দৰ্ভত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ । কিয়নো বিশেষজ্ঞসকলে দাবী কৰা মতে, যদিহে ক'ভিড স্বাস্থ্যবিধি সঠিক ৰূপত পালন কৰা নহয়, তেনেহ'লে দেশত তৃতীয় ঢৌ অহাটো অনিবাৰ্য । বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি, এই তৃতীয় ঢৌত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব শিশুসকল ।
ইতিমধ্যে এই তৃতীয় ঢৌৰ বাবে সাজু হৈছে বিভিন্ন ৰাজ্য । কিন্তু ইয়াৰ মাজতে অসমবাসীৰ বাবে এক উদ্বেগজনক খবৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও শিশু শেহতীয়াকৈ নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ডিমা হাছাও জিলাতো শিশুসকলৰ মাজত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ।
হাফলং অসামৰিক চিকিৎসালয়ত বৰ্তমান ৭ টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । কৰ'ণা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত বিদ্যালয় বন্ধ আছে । ইতিমধ্যে বাতিল কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ।