অসম

assam

ETV Bharat / state

পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু - Kapili Lake

ডিমা হাছাও জিলাৰ শিল্পনগৰী হিচাবে পৰিচিত উমৰাংচুলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষী আমূৰ ফেলকনৰ । পৰিভ্ৰমী পক্ষীবিধৰ সুৰক্ষাৰ বাবে উমৰাংচুত 144 ধাৰা জাৰি জিলা প্ৰশাসনৰ ।

protection of amaru Falcon migratory birds
পৰিভ্ৰমী আমোৰ ফেলকণৰ কোলাহলত মুখৰিত উমৰাংচু

By

Published : Oct 26, 2021, 2:05 PM IST

ডিমা হাছাও, 26 অক্টোবৰ :পৰিভ্ৰমী পক্ষীৰ কোলাহলৰে মুখৰিত হৈছে উমৰাংচু ৷ উমৰাংচুৰ আকাশত দৃশ্যমান হৈছে হাজাৰ-হাজাৰ আমূৰ ফেলকন ৷ আমূৰ ফেলকন পক্ষীৰ বাবে এতিয়া দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী হৈ পৰিছে উমৰাংচু ৷

পৰিভ্ৰমী আমূৰ ফেলকনৰ কোলাহলত মুখৰিত উমৰাংচু

প্ৰতি বছৰেই চীন আৰু চাইবেৰীয়াৰ পৰা 2,400 মাইল পথ অতিক্ৰম কৰি উমৰাংচুৰ টুংবুং গাঁৱলৈ আগমন ঘটে এই পৰিভ্ৰমী পক্ষীবিধৰ । অক্টোবৰ মাহৰ পৰা আহিবলৈ আৰম্ভ কৰা পক্ষীবিধে নৱেম্বৰৰ অন্তত ঘূৰি যায় দক্ষিণ আফ্ৰিকালৈ বুলি ৷

আকৌ আহিছে আমূৰ ফেলকন

উমৰাংচুৰ নিউ টুংবুং গাঁৱত আছে কপিলী হ্ৰদ ৷ ইয়াৰ নিচেই কাষতে আছে সংৰক্ষিত বনাঞ্চল আৰু এই সংৰক্ষিত বনাঞ্চলতেই প্ৰায় দুই মাহ বসতি স্থাপন কৰে এই পৰিভ্ৰমী পক্ষীবিধে । বৰ্তমানে এই নিউ টুংবুং গাঁৱৰ সংৰক্ষিত বনাঞ্চলত একেলগে5 গৰাকী ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷ আনকি কোনো ব্যক্তিয়ে যাতে কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ লৈ এই গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ ওপৰতো বিশেষ নজৰ ৰাখিছে জিলা প্ৰশাসনে ৷

উমৰাংচুত জাৰি 144 ধাৰা

ডিমা হাছাওৰ জিলা উপায়ুক্ত তথা ন্যায়িক দণ্ডাধীশগৰাকীয়ে চিআৰপিচিৰ অধীনত এই পৰিভ্ৰমী পক্ষীবিধৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উমৰাংচুত জাৰি কৰিছে 144 ধাৰা । যদিহে জিলা উপায়ুক্তৰ এই নিৰ্দেশ কোনো ব্যক্তিয়ে উলংঘা কৰে, তেন্তে ইয়াৰ বিৰুদ্ধে আইন অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীযোগে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭ টাকৈ এনিমেল কৰিড'ৰত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details