অসম

assam

ETV Bharat / state

Scooty distribution at Dima Hasao : ডিমা হাছাও জিলাৰ 152 গৰাকী কৃতী শিক্ষাৰ্থী স্কুটী প্ৰদান

ডিমা হাছাও জিলাৰ 152 গৰাকী কৃতী শিক্ষাৰ্থীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান (Dr Banikanta Kakati Merit Award)। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা ( North Cachar Autonomous Council Deblal Garlocha) ।

Scooty distribution at Dima Hasao
ডিমা হাছাও জিলাৰ 152 গৰাকী কৃতী শিক্ষাৰ্থী স্কুটি প্ৰদান

By

Published : Dec 12, 2022, 10:16 PM IST

Updated : Dec 12, 2022, 10:46 PM IST

ডিমা হাছাও 12 ডিচেম্বৰ:সোমবাৰে ডিমা হাছাও জিলাত স্কুটী বিতৰণ কৰা হয় (Scooty distribution at Dima Hasao) ৷ অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত সোমবাৰে ডিমা হাছাও জিলাত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় (Dr Banikanta Kakati Merit Award)। ডিমা হাছাও জিলাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা 152 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ প্ৰদান কৰা হয় এই বঁটা (Pragyan Bharati Scooty Scheme) ।

জিলাখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয় স্কুটী ৷ সোমবাৰে বিয়লি প্ৰায় 3 বজাত হাফলং চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই স্কুটী বিতৰণ কাৰ্যসূচী ৷ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ( North Cachar Autonomous Council Deblal Garlocha) ।

ডিমা হাছাও জিলাৰ 152 গৰাকী কৃতী শিক্ষাৰ্থী স্কুটি প্ৰদান

লগতে পঢ়ক :Maulana Azad National Fellowship : মৌলানা আজাদ ৰাষ্ট্ৰীয় ফেলশ্বিপ বাতিলৰ প্ৰতিবাদ

ডিমা হাছাও জিলাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় 152 গৰাকী ছাত্ৰ-ছাত্ৰী ৷ সোমবাৰে 152 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি মেধা বঁটা হিচাবে স্কুটী বিতৰণ কৰা হয় । এই স্কুটী বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি দেবলাল গাৰ্লোচাই কয় যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ মাধ্যমিক পৰীক্ষাত মেধাবী ছাত্ৰ-ছাত্ৰীৰ মাজতে এই স্কুটি বিতৰণ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ প্ৰতি অধিক উৎসাহিত কৰিব ৷ লগতে শিক্ষা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক মনোনিৱেশ কৰিবলৈ তেওঁ আহ্বান জনায় ।

উল্লেক্য যে, এই বঁটা বিতৰণ অনুষ্ঠানত ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ (DC of Dima Hasao) আৰক্ষী অধীক্ষক ময়ংক কুমাৰৰ (SP of Dima Hasao) লগতে আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :SC rejects manish sisodia case: উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে মনীষ চিছোদিয়াই

Last Updated : Dec 12, 2022, 10:46 PM IST

ABOUT THE AUTHOR

...view details