অসম

assam

ETV Bharat / state

ডিফুত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ - স্কুটী বিতৰণ

ডিফুত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ ৷ মুঠ 282 গৰাকী ছাত্ৰীক প্ৰদান কৰে স্কুটী ৷ বিতৰণ অনুষ্ঠানত উপস্থিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

scooty-distribution-to-students-in-diphu
ডিফুত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ

By

Published : Jan 2, 2021, 8:42 PM IST

ডিফু, 2 জানুৱাৰী :অসম চৰকাৰৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পর্যায়ত প্রথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হােৱা কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ মুঠ 282 গৰাকী মেধাবী ছাত্রীক বিনামূলীয়া স্কুটী বিতৰণ প্রক্রিয়া শনিবাৰে শুভাৰম্ভ কৰা হয় ।

ডিফুত মেধাৱী ছাত্ৰীক স্কুটী বিতৰণ

ডিফুস্থিত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত আয়ােজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত উপস্থিত থাকি প্রদান কৰা ভাষণত কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৰকাৰে নির্বাচনৰ পূর্বে প্রদান কৰা প্রতিশ্রুতি অনুসৰি, মেধাৱী ছাত্রী সকলৰ মাজত স্কুটীসমূহ বিতৰণ কৰা হৈছে বুলি মন্তব্য কৰে । আনহাতে, ডিফু চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে 100 গৰাকী ছাত্র-ছাত্ৰীৰ নামভর্তি কৰাৰ লগতে ফেব্রুৱাৰীৰ প্ৰথমৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্রক্রিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্য কার্যবাহী গৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :GMCH ত ক’ৰণাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে অনুশীলন

ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই চিকিৎসা মহাবিদ্যালয়ৰ পাঠদানৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব বুলিও মুখ্য কার্যবাহী গৰাকীয়ে সদৰী কৰে । সভাখনত উপস্থিত থাকি প্রদান কৰা ভাষণত ডিফুৰ সাংসদ হৰেণছিং বে'য়ে মেধাৱী ছাত্রীসকলে দীর্ঘদিনৰ সাধনা আৰু শ্ৰমৰ বিনিময়ত এই পুৰস্কাৰ লাভ কৰা বুলি মন্তব্য কৰি ইয়াৰ সু-ব্যৱহাৰৰ বাবে পৰামর্শ আগবঢ়ায় ।

আনহাতে, বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনে প্রদান কৰা ভাষণত মেধাৱী ছাত্রীসকলে অনাগত দিনতাে চৰকাৰৰ পৰা অনুৰূপ সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰি, স্কুটী লাভ কৰাৰ ফলত মেধাৱী ছাত্রীসকলৰ সময় আৰু শ্রম লাঘৱ হােৱাৰ ফলত অধ্যয়নত অধিক সময় আৰু মনােযােগ দিয়াৰ সুযােগ লাভ কৰিব বুলি কয় ।

উল্লেখযােগ্য যে, উক্ত আঁচনিৰ অধীনত কার্বি আংলং জিলাৰ মুঠ 235 গৰাকী ছাত্রীয়ে এই পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে পশ্চিম কার্বি আংলং জিলাৰ 47 গৰাকী ছাত্রীয়ে বিনামূলীয়া স্কুটী লাভ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে, দেওবাৰে পশ্চিম কার্বি আংলঙত স্কুটীসমূহ বিতৰণ কৰা হ'ব ৷

লগতে পঢ়ক :বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details