অসম

assam

ETV Bharat / state

সন্তোষ হোজাই হত্যাকাণ্ডই লৈছে অন্য পাক - dima hasao

পোহৰলৈ আহিছে সন্তোষ হোজাই হত্যাকাণ্ডৰ সৈতে জড়িত ন ন তথ্য ৷ হত্যাকাণ্ডত আৰক্ষী আৰু উগ্ৰপন্থী সংগঠন জড়িত থকাৰ অভিযোগ ৷ চিআইডিৰ চার্জচিটত ডিএনএলৰ মুখ্য সেনাধ্যক্ষ এলভিন হোজাইৰ নাম সন্নিবিষ্ট ৷

সন্তোষ হোজাই হত্যাকাণ্ডই লৈছে অন্য পাক
সন্তোষ হোজাই হত্যাকাণ্ডই লৈছে অন্য পাক

By

Published : Dec 1, 2020, 8:01 PM IST

ডিমা হাছাও, 1 ডিচেম্বৰ:ডিমা হাছাওৰ সন্তোষ হোজাই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সূৰ্য্যকান্ত মৰাঙৰ দেহৰক্ষী বিপুল লস্কৰ আৰু শংকৰ বণিয়াক তদন্তকাৰী চিআইডিৰ দলে শুক্ৰবাৰ গ্ৰেপ্তাৰ কৰাৰ পাছতে এই ঘটনাই এক চাঞ্চল্যকৰ দিশে গতি কৰিছে ৷

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিবলৈ পোৱা তথ্য অনুসৰি বিগত 24 এপ্ৰিলত সন্তোষ হোজাইক হাৰেংগাজাওৰ পৰা অপহৰণ কৰি লৈ যোৱাৰ সময়ত অসম আৰক্ষীৰ দুই কনিষ্টবল বিপুল লস্কৰ আৰু শংকৰ বণিয়াক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মুখ্য-সেনাধ্যক্ষ এলভিন হোজাইয়ে সংগ দিছিল ৷ অভিযোগ অনুসৰি সন্তোষ হোজাইক অপহৰণ কৰি নিয়া বগা ৰঙৰ বলেৰ' বাহনখন আছিল অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক সূৰ্য্যকান্ত মৰাঙৰ ৷

সন্তোষ হোজাইৰ পত্নীয়ে সন্তোষৰ অপহৰণৰ সৈতে উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৷ বৰ্তমান সূৰ্যকান্ত মৰাঙ জামিনত থকাৰ পৰিৱৰ্তে চিআইডিৰ চার্জচিটত ডিএনএলৰ মুখ্য সেনাধ্যক্ষ এলভিন হোজাইৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে । বুধবাৰে অসম আৰক্ষীৰ দুই অভিযুক্ত কনিষ্টবলক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details