অসম

assam

ETV Bharat / state

সন্তোষ হোজাইৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে ডি এছ পিৰ ! - murder

সন্তোষ হোজাইৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে ডিমা হাছাও জিলাৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ ৷ ডিজেল ঢালি জ্বলাই দিয়া হৈছিল ঠিকাদাৰ হোজাইক ৷ মাইবং তেল ডিপোৰ পৰা এখন স্কৰপিঅ' বাহনত অহা আৰক্ষীয়ে গেলনত ক্ৰয় কৰিছিল 15 লিটাৰ ডিজেল ৷ তাৰপাচতেই লাংটিং অভিমুখে গৈছিল আৰক্ষীৰ বাহনখন ৷

santosh hojai murder case
santosh hojai murder case

By

Published : May 4, 2020, 11:20 AM IST

ডিমা হাছাও 3 মে' : ডিমা হাছাও জিলাত ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ । হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত নাম সাঙোৰ খাইছে উপ আৰক্ষী অধীক্ষকৰ নাম । দেওবাৰে সন্তোষ হোজাই হত্যাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ডিমা হাছাও জিলাৰ ন্যায়িক দণ্ডাধীশ তথা জিলা উপযুক্ত অমিতাভ ৰাজখোৱাই ।

সন্তোষ হোজাইৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ডিজেল ঢালি হত্যা কৰা বুলি উল্লেখ কৰা হৈছে । ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । শনিবাৰে সন্তোষ হোজাইৰ পত্নী জয়তা হোজাইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰ ৰুজু কৰে।

উল্লেখ্য যে, যোৱা 24 এপ্ৰিলত হাৰেংগাজাও আৰক্ষী থানাৰ অধীনত গামাডি হাওৰ গাঁৱৰ নিজা বাসগৃহৰ পৰা এখন নম্বৰ প্লেট বিহীন বগা ৰঙৰ বলেৰ' বাহনত অহা পাঁচজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল ঠিকাদাৰ সন্তোষ হোজাইক । তাৰপিচত 30 এপ্ৰিলত লাংটিং আৰক্ষী থানাৰ অধীনৰ মুপা ফৰেষ্ট ৰিজাৰ্ভৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত লেইলিংৰ জংঘলত ঠিকাদাৰ জনৰ মৃতদেহ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে লাংটিং আৰক্ষীয়ে।

যোৱা 25 এপ্ৰিলত মাইবাং পেট্ৰল পাম্পৰ চিচিটিভি কেমেৰাৰ ফুটেজ দেখাৰ পিচত উপ আৰক্ষী অধীক্ষক গৰাকী হত্যাকাণ্ডত জড়িত আছে বুলি সন্দেহ কৰা হৈছে । কাৰণ 25 এপ্ৰিল বিয়লি মাইবং পেট্ৰ'ল পাম্পলৈ লাংটিংৰ ফালৰ পৰা আৰক্ষীৰ এখন স্কৰপিঅ' বাহন আহিছিল ৷ বাহনখনত অহা আৰক্ষীয়ে এটা গেলনত 15 লিটাৰ ডিজেল ক্ৰয় কৰি পুনৰ লাংটিংৰ ফালে উভতি যায়।

সন্তোষ হোজাই হত্যাকাণ্ডত নাম সাঙোৰ খাইছে ডি এছ পিৰ !

নিয়মানুসাৰে, এইদৰে তেল ডিপোত সাধাৰণ লোকক গেলনত তেল বিক্ৰী কৰা নহয় ৷ উল্লেখ্য যে, সন্তোষ হোজাইৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছিল লোকজনক ডিজেল ঢালি জ্বলাই দিয়াৰ তথ্য ৷ এই সমূহ তথ্য পোহৰলৈ অহাৰ পাচতেই জিলাখনৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণলৈ সন্দেহৰ আঙুলি টোৱাঁইছে মৃত ঠিকাদাৰ গৰাকীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক :গ্ৰীণ জ'নত এইসমূহ নিয়ম মানি চলিব লাগিব জনসাধাৰণে !

ABOUT THE AUTHOR

...view details