অসম

assam

ETV Bharat / state

ধুমুহা-বৰষুণত ডিমা হাছাওত বিস্তৰ ক্ষতি - Power services in the hilly district have completely failed

এফালে বিহুৰ আনন্দ, আনফালে বতৰৰ বিধ্বংসী ৰূপ । প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি (Heavy damage caused by stormy rains) । পাৰ্বত্য জিলা ডিমা হাছাওত ধুমুহা-বৰষুণৰ ফলত বন্ধ হৈ পৰিল পথ ।

road blocked in dima hasao due to stormy rains
ধুমুহা-বৰষুণত ডিমা-হাচাওত বিস্তৰ ক্ষতি

By

Published : Apr 15, 2022, 8:24 PM IST

ডিমা হাছাও, ১৫এপ্ৰিল : ব'হাগ বিহু আৰু নতুন বছৰৰ প্ৰথম দিনাই ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলাত প্ৰচণ্ড ক্ষয়-ক্ষতি (Heavy damage caused by stormy rains in Dima Hassao) । যোৱা দুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰ তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ।

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গছ বাগৰি পৰাৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনত বিদ্যুৎ সেৱা সম্পূৰ্ণ ৰূপে বিকল হৈ পৰিছে । ইপিনে প্ৰচণ্ড বৰষুণৰ ফলতে শিলচৰ -সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক’ৰিডৰ তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে ।

শুকুৰবাৰে ৰাতিপুৱাৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু এন লেইকুলৰ সমীপৰ এছ কাৰ্ভত প্ৰচণ্ড ভূমিস্খলনৰ ফলত ঘাইপথৰ দুয়োফালে বহু যান-বাহন আৱদ্ধ হৈ পৰে । বৃহস্পতিবাৰে দিনৰভাগৰ পৰা ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ অব্যাহত আছে ।

ধুমুহা-বৰষুণত ডিমা হাছাওত বিস্তৰ ক্ষতি

যাৰ ফলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু হাফলং-শিলচৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰাৰ বাবে বহু বাছ ট্ৰাক আৰু সৰু যান-বাহন আৱদ্ধ হৈ পৰে । ইয়াৰ ফলত প্ৰচণ্ড অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰী সকল ।

ভূমিস্খলনৰ স্থানত বৰ্তমানলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা দুৰ্যোগ প্ৰশমন বিভাগৰ কোনো বিষয়া উপস্থিত হোৱা নাই বুলি অভিযোগ উঠিছে । উল্লেখনীয় যে এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল অঞ্চলৰ পথটো সুচল কৰি তোলাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে একো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ কাৰ্বি আংলং জিলা প্ৰশাসন

For All Latest Updates

ABOUT THE AUTHOR

...view details