ডিমা হাছাও, 4 ফেব্ৰুৱাৰীঃ ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা 9 গৰাকীকৈ যাত্ৰীৰ ৷ শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰৰ লাংটিঙত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ গুৱাহাটীৰ পৰা হাফলং অভিমূখী এএচ 01বি পি 3233 নম্বৰৰ ব’লেৰো গাড়ী আৰু লাংটিঙৰ পৰা লামডিং অভিমূখী এএচ 02বি চি নম্বৰৰ এখন টাটা ম’বাইলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতেই গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰে যাত্ৰীৰ ৷ এই দুৰ্ঘটনাটোত ব’লেৰোখনৰ 6 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে টাটা ম’বাইলখনৰ 3গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
ব’লেৰো আৰু টাটা ম’বাইলৰ মুখামুখী সংঘৰ্ষত আহত 9 - হাফলং অসামৰিক চিকিৎসালয়
ব’লেৰো গাড়ী আৰু টাটা ম’বাইলৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতে গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰে যাত্ৰী ৷ ডিমা হাছাওত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷
ব’লেৰো আৰু টাটা ম’বাইলৰ মুখামুখী সংঘৰ্ষত
আনহাতে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰি কিছুসময়ৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে লাংটিং মডেল চিকিৎসালয়ত লৈ যোৱা হয় যদিও পিচলৈ উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই পথ দুৰ্ঘটনাটোত আহত চাৰিগৰাকী যাত্ৰীৰ ক্ৰমে অনিতা ছেত্ৰী, নাৰায়ণ ছেত্ৰী, শ্যাম ছেত্ৰী আৰু মায়া ছেত্ৰী বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃবিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়