অসম

assam

ETV Bharat / state

ডিমা হাছাওত হোৱা নাই কোনো উন্নয়ন: ৰিপুন বৰা - TMC Assam

TMC President Ripun Bora: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । আম আদমি পাৰ্টীৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ তৃণমূলত যোগদান ।

Ripun Bora slams BJP
ডিমা হাছাওত হোৱা নাই কোনো উন্নয়ন

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:22 PM IST

ডিমা হাছাওত হোৱা নাই কোনো উন্নয়ন

হাফলং, ১ জানুৱাৰী :"ৰাজ্য আৰু কেন্দ্ৰত থকা বিজেপিৰ হাততউত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদ থকাৰ পাছতো ডিমা হাছাও জিলাত উন্নয়ন হোৱা নাই ।" এই অভিযোগ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ প্ৰাকক্ষণত এনেদৰে বিজেপি দলক সমালোচনা ৰিপুন বৰাৰ ।

নতুন বছৰৰ প্ৰথম দিনাই বিয়লি হাফলং তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, সাধাৰণ সম্পাদক তড়িৎ চট্টোপাধ্যায় আৰু তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি তথা হাফলং সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আচিং জেমিৰ উপস্থিতিত পৰিষদৰ খাৰটং সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী কেনিত নামপুই তৃণমূল কংগ্ৰেছত যোগদান কৰে ।

তৃণমূল কংগ্ৰেছত যোগদান কৰি কেনিত নামপুইয়ে কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত তেওঁ পৰিষদৰ খাৰটং সমষ্টিৰ পৰা আম আদমি পাৰ্টীৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছিল । কিন্তু খাৰটং সমষ্টিত তেওঁ জয়ী হ'ব নোৱাৰিব বুলি জানি তেওঁ খাৰটং সমষ্টিৰ তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী লালথাং জচুয়া নামপুইক সমৰ্থন কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰে ।

ইফালে যোগদান কাৰ্যসূচীৰ পাছতে সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই কয় যে বিজেপিৰ বাবে ডিমা হাছাও জিলাৰ এতিয়া যি স্থিতি এই অৱস্থাত কেনিত নামপুইয়ে লোৱা তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্তটো ভাল সিদ্ধান্ত । তেওঁ অভিযোগ কৰে যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদত বিজেপিৰ ট্ৰি'পল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো ডিমা হাছাও জিলাত ভ্ৰষ্টাচাৰ ছিণ্ডিকেট আৰু লুণ্ঠন চলি আছে । ৰাজ্য আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ থকাৰ পাছতো ডিমা হাছাও জিলাত কোনো উন্নয়নৰ কাম হোৱা নাই বুলিও তেওঁ অভিযোগ কৰে ।

ডিমা হাছাও জিলাত বিজেপিৰ লুণ্ঠনৰাজ চলিছে যাৰ বাবে ৰাইজে পৰিৱৰ্তন বিচাৰিছে বুলিও ৰিপুন বৰাই দাবী কৰে । ৰিপুন বৰাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় কংগ্ৰেছৰ ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগ দিছে যাৰ বাবে কংগ্ৰেছৰ ওপৰত এতিয়া ৰাইজে আস্থা হেৰুৱাইছে । পাহাৰীয়া জিলাখনত তৃণমূল কংগ্ৰেছৰ ওপৰত ৰাইজৰ আস্থা বৃদ্ধি পাইছে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে ইতিমধ্যে বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ বহু নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ সৈতে সম্পৰ্ক স্থাপন কৰি আছে ।

লগতে পঢ়ক :চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details