ডিমা হাছাও, 2 নৱেম্বৰ: দীৰ্ঘ দিনৰ বিৰতিৰ পিচত ৰাজ্যৰ অন্য জিলাৰ লগতে ডিমা হাছাও জিলাতো বিদ্যালয় সমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছে । সম্পূৰ্ণ 240 দিনৰ পিচত ডিমা হাছাও জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছে ।
ৰাজ্য চৰকাৰে ধাৰ্য কৰি দিয়া ক'ভিড প্ৰট'কল মানি আৰম্ভ কৰা হৈছে বিদ্যালয় সমূহত পাঠদান । ৰাতিপুৱা8 বজাৰ পৰা 12বজালৈ আৰু 12:30 পৰা 3:30 বজালৈ দুটা দলত চলিব পাঠদান । এটা শ্ৰেণী কক্ষত 20 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ বিদ্যালয় সমূহত চলিব পাঠদান । সোমবাৰ, বুধবাৰ, আৰু শুকুৰবাৰে অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব । মঙলবাৰ , বৃহস্পতি আৰু শনিবাৰে সপ্তম, নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদানকৰা হ'ব বুলি জানিব পৰা গৈছে ।