অসম

assam

ETV Bharat / state

হাফলঙত পুনৰ ভোট গ্ৰহণ; ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী - assam election update

হাফলং সমষ্টিৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰৰ পুনৰ ভোট গ্ৰহণৰ বাবে গন্তব্য স্থানলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল ৷ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাত 90 গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোট পৰিছিল 181 টা ৷ যাৰ পাছতে কেন্দ্ৰ দুটাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

re-polling-in-two-center-in-haflong
হাফলঙত পুনৰ ভোট গ্ৰহণ; ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

By

Published : Apr 18, 2021, 2:43 PM IST

ডিমা হাছাও, 18 এপ্ৰিল : ক'ভিড পৰিস্থিতিৰ মাজতেই হাফলং সমষ্টিৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰৰ পুনৰ ভোট গ্ৰহণৰ বাবে নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে গন্তব্য স্থান অভিমুখে । ডিমা হাছাও জিলাৰ একমাত্ৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ 107 মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় আৰু 107 (এ) খটলিয়াৰ নিম্ন প্ৰথমিক বিদ্যালয় ভোট কেন্দ্ৰত অহা 20 এপ্ৰিলত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব । যাৰ বাবে দেওবাৰে ভোট কৰ্মী সকল নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে ।

উল্লেখ্য যে, যোৱা 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হাফলং সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। কিন্তু 107 (এ) ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ লৈ ব্যাপক খেলিমেলি পোহৰলৈ আহিছিল ৷ এই ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাত 90 গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোট পৰিছিল 181 টা ৷ যাৰ বাবে এই ভোট গ্ৰহণ কেন্দ্ৰৰ পাঁচ গিৰাকী নিৰ্বাচনী বিষয়াক নিলম্বিত কৰিছিল ডিমা হাছাওৰ জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং অফিচাৰ পল বৰুৱাই ।

হাফলঙত পুনৰ ভোট গ্ৰহণ; ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

পৰৱৰ্তী সময়ত এই ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণত বিসংগতিৰ বাবে নিৰ্বাচন আয়োগে 107 মুলদাম নিম্ন প্ৰাথমিক ভোট গ্ৰহণ কেন্দ্ৰ আৰু 107(এ) ভোট গ্ৰহণ কেন্দ্ৰত 20 এপ্ৰিল পুনৰ ভোট গ্ৰহণৰ বাবে অধিসূচনা জাৰি কৰিছিল । হাফলং সমষ্টিৰ প্ৰত্যন্ত ভোট গ্ৰহণ কেন্দ্ৰ হোৱাৰ বাবে ভোট গ্ৰহণৰ 48 ঘণ্টা আগতেই নিৰ্বাচনী বিষয়া সকল ভোট গ্ৰহণ কেন্দ্ৰৰ উদ্দেশ্যে আজি ৰাওনা হৈছে । এই দুটা ভোট গ্ৰহণ কেন্দ্ৰৰ প্রিজাইডিং বিষয়াৰ পৰা আৰম্ভ কৰি সকলো প’লিং বিষয়া হিচাপে নিয়োগ কৰা হৈছে মাষ্টাৰ ট্ৰেইনাৰ সকলক ।

ইফালে ডিমা হাচাওৰ জিলা উপায়ুক্ত পল বৰুৱাই কয় যে, হাফলং সমষ্টিৰ এই দুখন ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাবে ভোট গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে । অহা 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাত 90 গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোট পৰিছিল 180 টা যাৰ বাবে এই দুটা কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ৷ য’ত পুনৰ সম্পূৰ্ণ ক’ভিড বিধি মানি 20 এপ্ৰিল ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক: ভাৰতত 3 লাখৰ ঘৰ স্পৰ্শ কৰাৰ দিশে দৈনিক কৰ’ণা আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details