ডিমা হাছাও 23 জুনঃ ডিমা হাছাও জিলাৰ হাফলং জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৰথযাত্ৰা অনুষ্ঠান ৷ পৰম্পৰা ৰক্ষা কৰি মন্দিৰ পৰিচালনা সমতিয়ে অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰথযাত্ৰা অনুষ্ঠানটো ৷
কোভিড- 19 ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেতবোৰ নীতি- নিৰ্দেশনা জাৰি কৰিছিল ৷ ইতিমধ্যে চৰকাৰৰ এই নীতি নিয়মক সহাৰি জনায় ৰাইজে বাতিল কৰিছে সকলো সামাজিক অনুষ্ঠান ৷ ঠিক একেদৰে ডিমা হাছাও জিলাতো চৰকাৰে জাৰি কৰা নিৰ্দেশ মানি মংগলবাৰে হাফলং জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰথযাত্ৰা ৷ পৰম্পৰা ৰক্ষা কৰি পূজা অৰ্চনা আগবঢ়ায় সামাজিক দূৰত্ব বর্তাই ৰাখি সীমিত সংখ্যক স্থানীয় লোকৰ উপস্থিতিত শ্ৰীশ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা পালন কৰে ।