ডিমা হাছাও 28 জুন: বিগত কিছুদিন পূৰ্ৱে বান আৰু ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰ্য্যবসিত হৈছিল নিউ হাফলং ৰেল ষ্টেচন (New Haflong Railway Station) ৷ সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছিল ৰে‘লসেৱা ৷ কিন্তু পৰিস্থিতি কিছু সুস্থিৰ হোৱাত সোমবাৰে বিয়লি উত্তৰ পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এখন নিৰ্দেশনা জাৰি কৰিছিল ৷
মঙলবাৰৰ পৰা শিলচৰ-নিউ হাফলং আৰু শিলচৰৰ মাজতে আংশিকভাৱে এখন বিশেষ যাত্ৰীবাহী ৰে‘লগাড়ী চলাচল কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল । নিৰ্দেশনা অনুসৰি শিলচৰৰ পৰা 11 টা ডবা লৈ এই ৰে’লগাড়ীখন 7.20 বজাত এৰি 11.30 বজাত নিউ হাফলং উপস্থিত হ’ব ৷ 3.30 বজাত পুনৰ নিউ হাফলংৰ পৰা শিলচৰৰ অভিমুখে যাত্ৰা কৰি নিশা 8.30 মান বজাত শিলচৰ আহি উপস্থিত হ’ব।