ডিমা হাছাও 30 মাৰ্চ:মঙলবাৰে প্ৰতিকুল বতৰ আৰু প্ৰৱল বৰষুণৰ বাবে হাফলংত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ৰাহুল গান্ধীৰ জনসভা বাতিল হয় । মঙলবাৰ হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছিল ৰাহুল গান্ধীয়ে । পিছে পুৱাৰ পৰা প্ৰতিকুল বতৰ আৰু নেৰানেপেৰা বৰষুণৰ বাবে অৱশেষত বাতিল হয় ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা।
বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল - বৰষুণ
মঙলবাৰ হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছিল ৰাহুল গান্ধীয়ে । পিছে পুৱাৰ পৰা প্ৰতিকুল বতৰ আৰু বৰষুণৰ বাবে অৱশেষত বাতিল হয় ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা ।
বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল
কংগ্ৰেছৰ যুৱৰাজক চাবলৈ হাফলং এল এল দাওলাগাপু খেল পথাৰত সহস্ৰাধিক সাধাৰণ ৰাইজ সমবেত হৈছিল প্ৰৱল বৰষুণক নেওচি । কিন্তু ৰাহুল গান্ধী নিৰ্বাচনী সভাত ভাগ ল’ব নোৱাৰিলেও এই নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক সমৰজিত হাফলঙবাৰে ভাষণ প্ৰদান কৰা দেখা যায় ৷
লগতে পঢ়কঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ