ডিমা হাছাও,১০ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত শাসকীয় দল বিজেপিৰ কাম-কাজক লৈ ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মাই । বুধবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি আৰ পি শৰ্মাই কয় যে,'বিজেপি দলত এতিয়া অপৰাধীৰ সংখ্যা বেছি । বিজেপি দলত যোগদান কৰিলেই অপৰাধমূলক কাৰ্যৰে জড়িত নেতাসকল গংগাজলৰ দৰে পৱিত্ৰ হৈ নাযায়' ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে,দেৱলাল গাৰ্লচা এজন অপৰাধী । কিন্তু আজি পৰ্যন্ত তেওঁক ৰাজ্যৰ বিজেপি চৰকাৰে অপসাৰণ কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে । লগতে তেওঁ অভিযোগ তোলে যে,দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা এই বিজেপি চৰকাৰৰ শাসন কালত এতিয়া আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত হৈছে ।