দুৰ্নীতি নিবাৰক শাখাৰ অভিযান হাফলং, ১৭ আগষ্ট:উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক লৈ বৃহস্পতিবাৰে বিয়লি গুৱাহাটী লৈ ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকল । বৃহস্পতিবাৰে পুৱা এগৰাকী ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ।
নগাঁওৰ বাসিন্দা মনোজ কুমাৰ শইকীয়া ১১ মাহ পূৰ্বে হাফলং লোক নিৰ্মাণ বিভাগৰ (ৰোড) ডিভিচনত কাৰ্যবাহী অভিযন্তা হিচাবে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ নগাঁও লোক নিৰ্মাণ বিভাগত এছডিঅ’ হিচাবে কৰ্মৰত আছিল । কাৰ্যবাহী অভিযন্তা হিচাবে পদোন্নতি পাই তেওঁ হাফলং লোক নিৰ্মাণ বিভাগত যোগদান কৰাৰ পিচতেই তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল ।
ইপিনে বৃহস্পতিবাৰে সন্ধিয়া হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক প্ৰথমে দুৰ্নীতি শাখাৰ বিষয়াসকলে স্বাস্থ্য পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত লৈ যায় । ইয়াৰ পিচতে তেওঁক পোনে পোনে গুৱাহাটী লৈ যায় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে । ইফালে বিষয়াগৰাকীক আটক কৰাৰ পাচতেই হাফলং আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলে তেওঁৰ চৰকাৰী আবাসত অভিযান চলায় ৷
হাফলং আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ দলে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়াৰ চৰকাৰী আবাসৰ পৰা লক্ষাধিক টকা জব্দ কৰাৰ লগতে ১৭ খন এটিএম কাৰ্ড আৰু বহু নথিপত্ৰ জব্দ কৰে । উল্লেখ্য যে, ডিমা হাছাও জিলাত এইবাৰ প্ৰথমবাৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় ৷ এই অভিযানতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া ৷
লগতে পঢ়ক:Anti Corruption unit raid: এইবাৰ হাত দাঙিলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই