ডিমা হাছাও,25জুন : 2007 চনত ডিমা হাছাও জিলাৰ দীহাঙগী আৰক্ষী থানাৰ অন্তৰ্গত লাংলাই হাচনু গাঁৱত তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণনেন্দু লাংথাচা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক আলোচনাৰ বাবে মাতি নি হত্যা কৰিছিল ডি এই চডি জে উগ্ৰপন্থী সংগঠনেটোৱে। এই হত্যাকাণ্ডত জড়িত আছিল সেই সময়ৰ ডি এই চডি জে উগ্ৰপন্থী সংগঠনৰ নেতা তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ লগতে আৰু 5 গৰাকী উগ্ৰপন্থী সদস্য।
সেই সময়তে দীহাঙগী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগত 2008 চনত দেৱলাল গাৰ্লোচা সহ আৰু 5 গৰাকী ভাৰতীয় দণ্ডবিধিৰ 121/121 এ-ৰ অধীনত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু ইয়াৰ পিছত এই হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়ালৈ দীহাঙগী আৰক্ষীয়ে কোনো চার্জশ্বীট জমা দিয়া নাছিল। আনহাতে বাধ্য হৈ এই হত্যাকাণ্ডৰ সুবিচাৰ বিচাৰি চি বি আই তদন্তৰ দাবী জনাই নিন্দু লাংথাচাৰ পুত্ৰ ডেনিয়েল লাংথাচা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ইয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীক এই হত্যাকাণ্ডৰ গোচৰৰ চার্জশ্বীট আদালতত জমা দিয়াৰ নিৰ্দেশ দিছিল।