ডিমা হাছাও,9 মে’ঃ বৰাকৰ পৰা অহা সকলো যাত্ৰীবাহী যান-বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ডিমা হাছাওবাসীয়ে । কাছাৰ আৰু ডিমা হাছাও জিলাৰ ডিটেকচৰা সীমান্তৱৰ্তী ৰাইজে জিলা দুখনৰ প্ৰৱেশ পথত থকা চেকগেটত সম্পূৰ্ণৰূপে বন্ধ কৰে যান-বাহনসমূহ ৷ উক্ত অঞ্চলত সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত হোৱাৰ পিছত চেকগেটৰ দায়িত্বত থকা আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ চৰম দায়িত্বজ্ঞানহীন মনোভাৱ পোহৰলৈ আহে । সন্থাৰ সভাপতি উত্তম লাংথাছাই বিষয় সন্দৰ্ভত অভিযোগ উত্থাপন কৰি ডিটেকচৰা চেকগেটত বৰাকৰ পৰা যাত্ৰী কঢ়িয়াই অনা অধিকাংশ যান-বাহনৰ কোনো লিখিত তথ্য নাই বুলি ক্ষোভ প্ৰকাশ কৰে । তদুপৰি যাত্ৰীসকলৰ কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা কৰা নহয় গেটত ৷ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বন্ধ কৰি দিছে হাৰেংগাজাও আৰু ডিটেকচৰাৰ মাজেৰে পাৰ হোৱা ৰাষ্ট্রীয় ঘাইপথটো । যাৰ বাবে বৰাকৰ পৰা অহা যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ডিমা হাছাওত নিষিদ্ধ যাত্ৰীবাহী বাহনৰ প্ৰৱেশ - চেকগেট
কাছাৰ আৰু ডিমা হাছাও জিলাৰ ডিটেকচৰা সীমান্তৱৰ্তী ৰাইজে জিলা দুখনৰ প্ৰৱেশ পথত থকা চেকগেটত সম্পূৰ্ণৰূপে বন্ধ কৰে যান-বাহনৰ চলাচল ৷ কাছাৰত Covid 19 ত দহগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ পিছতে জিলাখনত সৃষ্টি হয় তীব্ৰ আতংক ৷
নিষিদ্ধ যাত্ৰীবাহী বাহনৰ প্ৰৱেশ
উল্লেখ্য যে, কাছাৰ জিলাত Covid 19 ত দহগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত জিলাখনত তীব্ৰ আতংক সৃষ্টি হৈছে । শনিবাৰে মাইবাঙত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন ধাবা ছীল কৰে স্বাস্থ্য বিভাগে । জানিব পৰা মতে,আজমীৰৰ পৰা যাত্ৰী কঢ়িয়াই অনা বাছখনৰ যাত্ৰীসকলে উক্ত ধাবাখনত আহাৰ গ্ৰহণ কৰিছিল । যাৰ বাবে ধাবাৰ গৰাকীৰ লগতে ছজন কৰ্মচাৰীক সম্প্ৰতি কোৱাৰেণ্টাইনত ৰাখিছে স্বাস্থ্য বিভাগে ।
লগতে চাওকঃজ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰলৈ পৰ্যবেক্ষিত তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়